বিশ্বনাথ, ১৭ অক্টোবৰ: ৰঙিয়াৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে (Music Group of Creations) বিভিন্ন ক্ষেত্ৰৰ লগতে বিশ্বনাথৰ চাৰিআলিৰ অজিত দাসলৈ "ৰাজ্যিক কৃতী শিক্ষক বঁটা-২০২২ "( Kriti Shikshak Puraskar 2022) প্ৰদান কৰিছে । উমানাথ শিক্ষাগুৰু বঁটা-২০২২ (Umanath Shikshaguru Award)আৰু বিশেষ ৰাজ্যিক বঁটা প্ৰদানৰ জনাকীৰ্ণ অনুষ্ঠানত শিক্ষক অজিত দাসক এই বঁটা প্ৰদান কৰা হয়।
ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনত (Hardatta Birdatta Bhawan in Rangia) দেওবাৰে সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে শিক্ষক অজিত দাসৰ লগতে বিভিন্ন দিশত বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা আন বঁটাসমূহ হৈছে- ডাঃ ভৱেশ কলিতা (গণহিতৈষী বঁটা), ডাঃ বেদব্ৰত পাঠক (মানৱহিতৈষী বঁটা), ডাঃ হিতেন্দ্ৰ কলিতা (ৰঙিয়া ৰত্ন বঁটা), দিগন্ত কলিতা (কৰ্মযোগী বঁটা), ৰামচৰণ ভৰালী (নাম শিৰোমণি বঁটা), প্ৰণতি তালুকদাৰ (জনগোষ্ঠীয় সংস্কৃতিৰ সাধক বঁটা), ময়নুল হক চৌধুৰী (সাহিত্যৰ সাধক বঁটা), বিকাশ ভট্টাচার্য(ক্রীড়াশ্ৰী, ভলীবল বঁটা), দেৱেশ্বৰ শর্মা (নটৰসিক),
একেদৰে চম্পক শৰ্মা (নটচাৰ্য বঁটা ), কুমাৰ ভবেশ (কণ্ঠশ্ৰী বঁটা), কুমাৰ সঞ্জীৱ (সঙ্গীত সাধক বঁটা), ৰুপহী দাস (কন্ঠজ্যোতি বঁটা), সনাতন দাস (সমাজহিতৈষী বঁটা ), ডাঃ মৃণাল ভূ্ঞাঁ (সেৱাৰত্ন বঁটা), মীৰা দাস (কাব্যশিৰোমনি বঁটা), নিপন ভূঞা (বিশিষ্ট সমাজসেৱক বঁটা ), ইন্দুকল্প নাথ (শিক্ষা উদ্যমী), মণিষা শর্মা (কাব্যকাৰ বঁটা) বঁটা লাভ কৰে ।
আনহাতে খনীন্দ্ৰ নাথ শৰ্মা (উমানাথ শিক্ষাগুৰু বঁটা২০২২) প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষক বঁটা লাভ কৰে অজিত দাস, প্ৰদীপ কলিতা, কপিল ডেকা, বিমলা দেৱী, ৰিতা পাচনী, মুকুল ভূঞা, জয়ন্ত কুমাৰ শৰ্মা, কনক কৃষ্ণ ভট্ট, লিনু বৰদলৈয়ে । লগতে সুঅনি বঁটা লাভ কৰে ড৹ ৰুণুমী দত্ত ডেকাই ।
লগতে পঢ়ক:Jihadi Arrested: নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদ