ETV Bharat / state

বিশ্বনাথত আৰক্ষী-প্ৰশাসনে জ্বলালে কোটি টকাৰ নিচাযুক্ত সামগ্ৰী - Administration burns narcotics

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথতো দাহ কৰা হয় নিচাজাতীয় সামগ্ৰী (Drive against drugs) । বিশ্বনাথ জিলা প্ৰশাসনে চিতা সাজি জ্বলাই দিলে কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী (Police burnt narcotics) ।

burning of seized narcotics in bishwanath
বিশ্বনাথত আৰক্ষী-প্ৰশাসনে জ্বলালে কোটি টকাৰ নিচাযুক্ত সামগ্ৰী
author img

By

Published : Jun 26, 2022, 5:33 PM IST

বিশ্বনাথ,২৫ জুন : ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Drive against drugs) । ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বিগত সময়ত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহ কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথতো প্ৰায় ডেৰ কোটি টকাৰ নিচা জাতীয় সামগ্ৰী দাহ কৰে ।

বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত এক বছৰত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই জব্দ কৰা গাঞ্জা, হেৰ'ইন, কফ চিৰাফ আৰু বিভিন্ন ধৰণৰ নিচা জাতীয় টেবলেট সমূহ বিশ্বনাথ জিলা আৰক্ষী, প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত দাহ কৰে । ইয়াৰ ভিতৰত ১ কোটি ৩৭ হাজাৰ ৪০০ টকাৰ প্ৰায় ৫ শ গ্ৰাম হেৰ'ইন, ২৮ লাখ ৩৬ হাজাৰ ৪ শ টকাৰ মুঠ ৫৬ কেজি ৭০০ গ্ৰাম গাঞ্জা, ৬৮ হাজাৰ ৬০০ টকাৰ মুঠ ৯৮ টা কফ চিৰাপৰ বটল আৰু ১ লাখ ৪০ হাজাৰ টকাৰ মুঠ ২৮০ টা নিচাযুক্ত টেবলেট দাহন কৰা হয়(Police burnt narcotics) ।

বিশ্বনাথত আৰক্ষী-প্ৰশাসনে জ্বলালে কোটি টকাৰ নিচাযুক্ত সামগ্ৰী

এই দাহন অভিযানত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা আৰক্ষী অধীক্ষক নবীন সিং, বিশ্বনাথ মহাবিদ্যায়ৰ অধ্যক্ষ ড৹ চিন্তামনি শৰ্মা, আবকাৰী বিভাগৰ বিষয়া, জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে । জিলা উপায়ক্তগৰাকীয়ে কয় যে, নৱ প্ৰজন্মক ধ্বংস কৰা এই নিচা জাতীয় সামগ্ৰী সমূহৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দাহন অভিযান চলোৱা হয় । আৰক্ষী অধীক্ষক গৰাকীয়েও এই অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে ।

লগতে পঢ়ক: আজি আন্তঃজাতিক ড্ৰাগছ বিৰোধী দিৱস: জব্দকৃত ড্ৰাগছ দাহন আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.