বিশ্বনাথ, ৯ আগষ্টঃ 9 আগষ্ট বিশ্ব আদিবাসী দিৱস হিচাপে আদিবাসী জনগোষ্ঠী সংগঠনসমুহে উদযাপন কৰি আহিছে । বিগত বৰ্ষৰ দৰে এই বছৰেও ৯ আগষ্ট দেওবাৰৰ দিনটো অসমৰ আন আন ঠাইৰ লগতে বিশ্বনাথতো উদযাপন কৰিলে বিশ্ব আদিবাসী দিৱস । ইফালে বিশ্ব আদিবাসী দিৱসৰ দিনটোতে প্ৰতিবাদী মুখী হ'ল বিশ্বনাথ জিলা ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ (আছা)কে ধৰি কেইবাটাও আদিবাসী সংগঠনৰ সদস্যসকলে উত্তাল কৰি তোলে ।
দিনৰ ভাগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ পাছতে আছা সদস্যসকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী,জনজাতিকৰণ কৰা দাবীত,সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । দীৰ্ঘদিন ধৰি চৰকাৰে জনগোষ্ঠীটোক জনজাতি কৰণ আৰু চাহ শ্ৰমিকৰ ৩৫০ টকা মজুৰি বৃদ্ধি ক্ষেত্ৰত চৰকাৰে কেৱল ঘোষণা কৰি প্ৰতাৰিত কৰি অহা অভিযোগ আনি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি সদস্যসকল ।
বিশ্বনাথৰ পাভৈ দিৰিং চাহ বাগিচাৰ ২ নং লাইনত অনুষ্ঠিত হোৱা বিশ্ব আদিবাসী দিৱসত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ,বৰপথাৰ আঞ্চলিক সমিতি,মহালক্ষ্মী প্ৰাথমিক গোট,ধুলি প্ৰাথমিক গোট,বিজয়পুৰ প্ৰাথমিক গোটৰ সদস্য সকলো এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় ।
ইফালে বিশ্ব আদিবাসী দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰা,ভূমি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আদিবাসী আইকন লক্ষী ওৰাং সহ আছাৰ বিশ্বনাথ জিলা কেইবাজনো বিষয়বৱীয়া ৷