ETV Bharat / state

বিশ্বনাথত পথ দুৰ্ঘটনা, নিহত এজন

বুধবাৰে বিশ্বনাথ জিলাৰ দগাঁৱৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত (NH 15) ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৰাজীৱ আহমেদ নামৰ এজন ব্যক্তি ।

Biswanath
বিশ্বনাথত পথ দুৰ্ঘটনা
author img

By

Published : Jun 23, 2021, 2:17 PM IST

বিশ্বনাথ, ২৩ জুন : ৰাজ্যজুৰি কৰ'ণা (Corona) মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে বিশ্বনাথত এক শোকাৱহ ঘটনা সংঘটিত হয় । জিলাখনৰ দগাঁৱৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি । জানিব পৰা মতে বুধবাৰে প্ৰায় ১১ মান বজাত এখন স্কুটী আৰু ভাৰতীয় সেনা বাহিনীৰ (Indian Army) বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ।

ভাৰতীয় সেনাৰ বাহনখনে মহতিয়াই লৈ যায় স্কুটীখন । ফলত থিতাতে নিহত হয় স্কুটী খনৰ আৰোহীজন । মৃত স্কুটী আৰহীজন বিশ্বনাথ চাৰিআলি পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া ৰাজীৱ আহমেদ বুলি জানিব পৰা গৈছে ।

Biswanath
বিশ্বনাথত পথ দুৰ্ঘটনা

নিহত ৰাজীৱ আহমেদৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি সেনা বাহিনীৰ বাহনখন আৰু স্কুটী আৰোহীজন দুটা বিপৰীত দিশৰ পৰা আহি আছিল আৰু স্কুটী চালকজনে অন্য এটা পথলৈ যাবলৈ ধৰোতেই সেনা বাহিনীৰ বাহনখনৰ তলত সোমাই যায় স্কুটীসহ আৰোহীজন । ইফালে এই পথ দুৰ্ঘটনাত স্কুটীখন সম্পূৰ্ণ চূৰ্ণ-বিচূৰ্ণ হৈ যায় । এই দুৰ্ঘটনাৰ পিছতে মৃত ৰাজীৱ আহমেদৰ ঘৰত এতিয়া শোকৰ ছাঁ পৰিছে । লগতে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলতো তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক:সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.