বিশ্বনাথ, 24 ডিচেম্বৰ: অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি তথা প্ৰবন্ধকাৰ অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্যৰ 163 তম জন্মবাৰ্ষিকী উপলক্ষে আছুৰ উদ্যোগত বুধবাৰে বিশ্বনাথত এক দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় ৷
বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা আৰু চাৰিআলি গড়েহাগি শাখা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে চাৰিআলি গড়েহাগি আঞ্চলিক ছাত্ৰ সন্থা শাখা সমিতি কাৰ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অগ্নি কবিক সোঁৱৰণ কৰা হয় ৷
পুৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত বিয়লিৰ ভাগত 'অগ্নিকবি' কমলাকান্ত ভট্টাচাৰ্য ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উক্ত আলোচনা চক্ৰত বিশিষ্ট আলোচক হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথে অগ্নি কবি গৰাকীৰ ৰাজনৈতিক আৰু জাতীয়তাবাদী ভাৱধাৰাৰ এক বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় ৷
অনুষ্ঠানটোত উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মৃণাল কুমাৰ বৰাই ভাষা আৰু জাতিৰ প্ৰতি থকা অগ্নি কবিৰ মৰম আৰু বঙালী ভাষাক অসমৰ চৰকাৰী ভাষা কৰাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ওপৰত বক্তব্য আগবঢ়ায় ৷
এনে এক অনুষ্ঠানৰ জৰিয়তে কবি গৰাকীক উঠি অহা প্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ বাবে আছুৱে লোৱা পদক্ষেপৰ শলাগ লৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলাৰ মুখ্য সম্পাদক পলাশ জ্যোতি কোচে কবি গৰাকীয়ে বিশ্বনাথ চাৰিআলিক দি যোৱা সম্পদ তথা লিখনি আৰু কবিতা সমূহ আৰু অধিক ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যাবৰ বাবে আহ্বান জনায় ৷
উক্ত আলোচনা চক্ৰত অংশ লৈ বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ চিন্তা মণি শৰ্মাই কবিগৰাকীৰ সাহিত্যৰ ক্ষেত্ৰত থকা অৱদানৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷
উল্লেখ্য যে পূৰ্বৰ শোণিতপুৰ জিলা আৰু বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি গড়েহাগি গাঁৱত অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্যই জন্ম গ্ৰহণ কৰিছিল ৷ 1853 চনত গড়েহাগি গাঁৱত জন্মলাভ কৰা কবি গৰাকীৰ 163 তম জন্ম বাৰ্ষিকী উপলক্ষে আছুৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত কবিগৰাকীৰ বহু গুণমুগ্ধৰ লগতে বহুলোকে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ