ETV Bharat / state

মাতৃয়ে শাক-পাচলি বিক্ৰী কৰে, মেধাৰ পৰিচয় দিলে পিতৃহাৰা মঞ্জিতে - manjit upadhyaya

প্ৰয়াত যজ্ঞ প্ৰসাদ উপাধ্যায় আৰু উৎপলা দেৱীৰ সন্তান মঞ্জিতে জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টিংচন তথা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়াত 87, ইংৰাজীত 92, গণিতত 97, সাধাৰণ বিজ্ঞানত 93, সমাজ বিজ্ঞানত 88 আৰু হিন্দীত 81 নম্বৰেৰে মুঠ 538 নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে ৷

মাতৃয়ে শাক-পাচলি বিক্ৰী কৰে, মেধাৰ পৰিচয় দিলে পিতৃহাৰা মঞ্জিতে
author img

By

Published : May 16, 2019, 7:00 PM IST

বিহালী, 16 মে' :পিতৃয়ে কেতিয়াবাই ইহসংসাৰ ত্যাগ কৰিলে ৷ মাতৃয়ে শাক-পাচলি বিক্ৰী কৰি কোনোমতে দুবেলা দুমুঠিৰ যোগাৰ কৰি আহিছে ৷ তাৰ মাজতে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল বিশ্বনাথৰ বৰাজুলী গাঁৱৰ মঞ্জিৎ উপাধ্যায় নামৰ ছাত্ৰগৰাকী ৷ প্ৰয়াত যজ্ঞ প্ৰসাদ উপাধ্যায় আৰু উৎপলা দেৱীৰ সন্তান মঞ্জিতে জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ডিষ্টিংচন তথা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়াত 87, ইংৰাজীত 92, গণিতত 97, সাধাৰণ বিজ্ঞানত 93, সমাজ বিজ্ঞানত 88 আৰু হিন্দীত 81 নম্বৰেৰে মুঠ 538 নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে ৷
কিন্তু পিতৃহাৰা মঞ্জিতে অভাৱ-অনাটনৰ মাজতো এনেদৰে সুখ্যাতিৰে উত্তীৰ্ণ হ'লেও ছাত্ৰগৰাকীৰ অধ্যয়ন অব্যাহত ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া মাতৃ উৎপলা দেৱী ৷ সেয়ে এখন ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিবলৈ অপাৰগ মাতৃয়ে মেধাৱী ছাত্ৰগৰাকীৰ বাবে বিচাৰিছে সহৃদয় লোকৰ সহায় ৷ অনাটনী ঘৰ এখনৰ পৰা সাফল্যৰ বাটত খোজ দিয়া মঞ্জিৎ উপাধ্যায়ক সহায় কৰিবনে কোনো সদাশয় লোকে?

Intro:A_as_behali_16m__ pot student wl rslt _photo_scept_tridipBody:A_as_behali_16m__ pot student wl rslt _photo_scept_tridipConclusion:দৰিদ্ৰতাই সফলতাৰ অন্তৰায় নহয়

বিশ্বনাথ জিলাৰ অন্তৰ্গত বৰাজুলী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰয়াত যজ্ঞ প্ৰসাদ উপাধায় আৰু উৎপলা দেবীৰ পুত্ৰ তথা জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মঞ্জিৎ উপাধায়ে যোৱা কালি ঘোষিত হাইস্কুল শিষান্ত পৰীক্ষাত উল্লেখনীয় ফলাফলৰ বাবে অঞ্চলতোৰ লোকে গৌৰৱ বোধ কৰিছে । ঘৰুৱা আৰ্থিক সমস্যা ৰ মাহতো অতি কষ্টেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়া বিষয়ত ৮৭ ,ইংৰাজীত ৯২, গণিতত ৯৭, বিজ্ঞানত ৯৩,সমাজ বিজ্ঞানত ৮৮,হিন্দীত ৮১, নম্বৰ লাভ কৰি ,আটাইকেইটা বিষয়ত লিটাৰ নম্বৰ লাভ কৰি বিহালী অঞ্চল তথা বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।শাক পাচলি বিক্ৰী কৰি জীবিকা নিৰ্বাহ কৰা অকল মাতৃ গৰাকীয়ে পুত্ৰৰ সফলতাত আনন্দিত হলেও মাতৃ গৰাকী চিন্তিত হৈ পৰিছে, কাৰণ পুত্ৰই ভাল ফলাফল লাভ কৰিলেও এখন ভাল শিক্ষা অনুষ্ঠানত নাম ভৰ্তি কৰিবলৈ আৰ্থিক ভাৱে অপাৰগ । এই ক্ষেত্ৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে এই দুৰ্ভগীয়া পিতৃ হাৰা মঞ্জিতক সহায়ৰ হাত আগবঢ়াব নেকি সেইয়া লক্ষনীয় বিষয় হ'ব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.