বিশ্বনাথ,৩১ জুলাইঃ ৰাজ্যত খালী হৈ থকা সকলো পদ ডিচেম্বৰ মাহৰ ভিতৰত পূৰণ কৰা হ’ব বুলি শুকুৰবাৰে প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷ ইয়াৰ বাবে প্ৰয়োজনীয় যাৱতীয় সকলো ব্যৱস্থা অসম চৰকাৰে হাতত লৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ জৰিয়তে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ কৰা হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিয়ে আয়োজন কৰা এখন সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ এই কথা প্ৰকাশ কৰে মন্ত্ৰী দত্তই ৷ তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নতুন শিক্ষা নীতি সম্পৰ্কেও উল্লেখ কৰে ৷
শুকুৰবাৰে বিহালী ৰতোৱা ৰাজহুৱা ভৱনত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত 62 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ গ্ৰীন আচিয়ানা ৱেলফেয়াৰ চ'ছাইটিৰ সঞ্চালক কল্পজোতি (কিশোৰ) হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আত ধৰে চ'চাইটি সঞ্চালিকা স্নিগ্ধাজোতি গোস্বামী হাজৰিকাই ৷ এই সভাত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ নিপন শইকীয়া আৰু বিহালী স্নাতক মহাবিদ্যালয় অধ্যাপক ডঃ টুনটুন বৰাই অংশ গ্ৰহণ কৰি ছাত্ৰ -ছাত্ৰীক উদ্দেশ্যি ভাষণ দিয়ে ৷
![ৰঞ্জিৎ দত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanatah-802-31-july-ranjit-duta-meeting-photo-vis-byte-scrpt-as10018_31072020194819_3107f_1596205099_767.jpg)
![কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanatah-802-31-july-ranjit-duta-meeting-photo-vis-byte-scrpt-as10018_31072020194819_3107f_1596205099_700.jpg)
![কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanatah-802-31-july-ranjit-duta-meeting-photo-vis-byte-scrpt-as10018_31072020194819_3107f_1596205099_106.jpg)
এই সভাত উপস্থিত থাকে জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ টংকেশ্বৰ বৰা, প্ৰাক্তন অধ্যক্ষ পুন্য প্ৰসাদ শৰ্মা, যজ্ঞেশ্বৰ বৰা, নীলকন্ঠ শৰ্মা, জেষ্ঠ সাংবাদিক নৰেন বৰা,সদৌ অসম সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ সহকাৰী সম্পাদক শ্ৰীমন্ত দাস,জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেল,সমাজ সেৱিকা দিপা চেত্ৰী, শোৱালি শৰ্মাকে ধৰি বহু লোক ৷
![ৰঞ্জিৎ দত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanatah-802-31-july-ranjit-duta-meeting-photo-vis-byte-scrpt-as10018_31072020194819_3107f_1596205099_27.jpg)
লগতে পঢ়কঃ প্ৰয়াত দলীয় কৰ্মীৰ খেতিপথাৰত ভুঁই ৰুই সহায় কৰিলে বিধায়কে