ETV Bharat / state

Inter District Judo Championship: বিশ্বনাথত প্ৰথমবাৰলৈ আয়োজন ৰাজ্যিক জুডো প্ৰতিযোগিতা - সাংসদ পল্লৱ লোচন দাস

বিশ্বনাথ চাৰিআলিত 22 আৰু 23 জুলাইত অনুষ্ঠিত হ'ব 33 সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা ৷ চেম্পিয়নছ মেকাৰ একাডেমীৰ উদ্যোগত আৰু বিশ্বনাথ জিলা জুডো সংস্থাৰ সহযোগত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ ৷

Inter District Judo Championship
ৰাজ্যিক জুডো প্ৰতিযোগিতা
author img

By

Published : Jul 21, 2023, 11:07 AM IST

বিশ্বনাথত প্ৰথমবাৰলৈ আয়োজন ৰাজ্যিক জুডো প্ৰতিযোগিতা

বিশ্বনাথ চাৰিআলি, 21 জুলাই : বিশ্বনাথ চাৰিআলিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব 33 সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা ৷ দুদিনীয়া কাৰ্যসূচীৰে 22 আৰু 23 জুলাইত বিশ্বনাথত অনুষ্ঠিত হ'ব 33 সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা ৷ চেম্পিয়নছ মেকাৰ একাডেমীৰ উদ্যোগত আৰু বিশ্বনাথ জিলা জুডো সংস্থাৰ সহযোগত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা ৷ ইয়াৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে জুডো সংস্থাই ৷

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে ৷ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা সন্দৰ্ভত বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰাংগনত 33 সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা সন্দৰ্ভত সংস্থাই এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলৰ জৰিয়তে চেম্পিয়নছ মেকাৰ একাডেমীৰ উপদেষ্টা তথা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা, যুটীয়া সম্পাদক অঞ্জন বৰা, বিশ্বনাথ জিলা জুডো সন্থাৰ সভাপতি আমিৰ খানে প্ৰতিযোগিতাখন সফল কৰাৰ ক্ষেত্ৰত বিশ্বনাথবাসীৰ সহায়-সহযোগ কামনা কৰে ৷

সংবাদমেলত সংস্থাৰ বিষয়ববীয়া সকলে প্ৰকাশ কৰা অনুসৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক মুখ্য পৃষ্ঠপোষক আৰু বিশ্বনাথৰ বিধায়ক তথা বিশ্বনাথ জিলা ক্ৰীড়া সংস্থাৰ সভাপতি প্ৰমোদ বৰঠাকুৰক সভাপতি হিচাবে লৈ গঠন কৰা আয়োজক সমিতিয়ে ইতিমধ্যে ৰাজ্যিক প্ৰতিযোগিতা খনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ 22 আৰু 23 তাৰিখ 2023 ত চেম্পিয়নছ মেকাৰ একাডেমীৰ উদ্যোগত বিশ্বনাথ জিলা জুডো সংস্থাৰ সহযোগত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতা খনত অসমৰ প্ৰায় চাৰি শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব ৷

বিশ্বনাথৰ পৰা সমৰ কলা ক্ষেত্ৰতখনক ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যয়তো আগবঢ়াই নিয়াৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলৰ থকা-মেলাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ব্যৱস্থাপনা উপ-সমিতিয়ে ৷ একেদৰে খাদ্য উপ-সমিতিকে ধৰি বিভিন্ন উপ-সমিতিয়ে দায়িত্ব সমূহ সুচাৰুভাৱে আগবঢ়াই নিছে বুলি জানিবলৈ দিয়ে সংস্থাৰ বিষয়ববীয়াই ৷ সংবাদমেলত আয়োজক সমিতিৰ বিযয়ববীয়াসকলে সকলো ৰাইজৰ সহযোগিতা কামনা কৰে ৷

লগতে পঢ়ক : Dihanam Workshop at Nalbari Harimandir:২৬০০ মহিলাৰে নলবাৰী হৰিমন্দিৰত দিহানাম কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.