বিশ্বনাথ,27 নৱেম্বৰঃ বিশ্বনাথত চলিত বৰ্ষত বন বিভাগে এটাৰ পাছত এটাকৈ 17 টাকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধানৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই বিশ্বনাথ আৰক্ষীৰ সহযোগত যোৱা 6 মাহত বিহালী আৰু বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ পৰা 17 টাকৈ কুখ্যাত চোৰাং চিকাৰী আটক কৰি আৰু 4 বাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা চোৰাং চিকাৰী দলক গ্ৰেপ্তাৰ কৰি চৰ্চালৈ আহিছে ৷
বিহালীত 17 টা কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ জানিব পৰা মতে বিগত জুন মাহত বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই আৰক্ষীৰ সহযোগত গোপন অভিযান অব্যাহত ৰাখিছিল ৷ সেই গোপন অভিযানতে চলিত বৰ্ষত আৰক্ষীয়ে এটাৰ পাছত এটাকৈ
17 টাকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে গড় হত্যাত ব্যৱহাৰ হোৱা বহু সংখ্যক সা-সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে মঙলবাৰে নিশা বন বিভাগে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত
ৰাংছালী বটিয়ামাৰী গাৱঁৰ পৰা 4 টাকৈ কুখ্যাত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ক্ৰমে বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আৰু গমিৰি বনাঞ্চলিক বিষয়া
নয়ন জ্যোতি গগৈ,বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
ৰাজু দুৱৰা আৰু দ্বিতীয় বেটেলিয়ন অসম বন ৰক্ষক বাহিনীৰ সহযোগত যুটীয়া অভিযান চলাই বন বিভাগে চোৰাং চিকাৰী কেইটাক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে এই চোৰাং চিকাৰীৰ দলটোৱে
AS-12AC-5797 নম্বৰৰ এখন বাহনেৰে গঁড় হত্যাৰ পৰিকল্পনাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ থকা অৱস্থাত বন বিভাগ আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
ইফালে আটকাধীন চোৰাং চিকাৰীৰ দলটোৰ পৰা আৰক্ষীয়ে গঁড় চিকাৰ কৰাত ব্যৱহৃত বিভিন্ন সা-সামগ্ৰীৰ লগতে খাদ্য,আৰু অস্ত্ৰ উদ্ধাৰ কৰে ৷ আটকাধীন চোৰাং চিকাৰী কেইটা ক্ৰমে-পাওচানথাঙ গুইটে আৰু তেওঁৰ পুত্ৰ জাপাৰা গুইটে,খানমাংগ গুইটে,বাবুল দাস,দুদু ,ৰমনী দাস ,বিমল বনিয়া আৰু সুখদেৱ মুখীয়া ৷ লগতে এই চোৰাং চিকাৰীৰ দলটোৰ লগতে জড়িত থকাৰ সন্দেহত বন বিভাগে এজন অট' চালককো আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক - ছয়গাঁৱত চাউল চুৰি গোচৰত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক