ETV Bharat / state

ৰাহুল গান্ধীক অপমানঃ বৰপেটা ৰোডত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 2, 2020, 8:51 AM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক যোগী চৰকাৰৰ আৰক্ষীয়ে কৰা অপমান আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা ৰোডত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Youth congress protest at Barpetaroad
ৰাহুল গান্ধীক অপমানঃ বৰপেটাৰোডত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বৰপেটাৰোড, 2 অক্টোবৰ: মনিষা বাল্মিকীৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ বুজ লবলৈ যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক যোগী চৰকাৰৰ আৰক্ষীয়ে কৰা অপমান আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা ৰোডত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ যুৱ কংগ্ৰেছৰ প্ৰায় শতাধিক সদস্যই বৰপেটা ৰোড চহৰত প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে বিজেপি গ' বেক, বিজেপি হায় হায়, যোগী মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

উল্লেখ্য যে, বিজেপিৰ হিটলাৰী শাসনক কংগ্ৰেছে কোনো কালে ভয় নকৰে বুলি উল্লেখ কৰি খাকী পোছাকধাৰী গুণ্ডা ৰূপী পুলিচৰ জৰিয়তে বিজেপি চৰকাৰে যিমানেই অত্যাচাৰ নকৰক কিয় দেশৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে ইয়াৰ প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ দিয়ে সৰভোগৰ যুৱ নেতা ৰফিকুল হকে ৷

লগতে পঢ়কঃ পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.