ETV Bharat / state

হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

বৰপেটা জিলাৰ কাঁহিবাৰী গাঁৱৰ কৰিম আলীৰ পুত্ৰ ইয়ামীন আলীৰ ঘৰুৱা অৱস্থা অতি দুৰ্দশাগ্ৰস্ত ৷ পিতৃয়ে ঘৰে ঘৰে পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে

Yamin Ali got 1st rank in madrasa examination 2020
হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান
author img

By

Published : Jun 6, 2020, 2:41 PM IST

বৰপেটা, ৬ জুন: আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ 42 গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ৷ আনহাতে হাই মাদ্ৰাছাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে ৷ ঠেলা চলাই পাচলি বিক্ৰী কৰা পৰিয়ালৰ সন্তানৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈছে সমগ্ৰ বৰপেটা জিলাবাসী ৷

হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

উল্লেখ্য যে,বৰপেটা জিলাৰ কাঁহিবাৰী গাঁৱৰ কৰিম আলীৰ পুত্ৰ ইয়ামীন আলীৰ ঘৰুৱা অৱস্থা অতি দুৰ্দশাগ্ৰস্ত ৷ পিতৃয়ে ঘৰে ঘৰে পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে ৷ ঘৰত নাই বিদ্যুতৰ ব্যৱস্থা ৷ লেম্প,চাকিৰ পোহৰ অতি কষ্টৰে পঢ়া শুনা কৰি ইয়ামিনে উজলালে পৰিয়ালৰ লগতে বৰপেটাৰ নাম ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ ইচ্ছা ইয়ামিনৰ ৷ তাৰবাবে ৰাইজৰ লগতে চৰকাৰৰ পৰা সহায়ৰ আশা কৰিছে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃ হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা: শীৰ্ষ স্থানত বৰপেটাৰ ইয়ামিন আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.