বৰপেটাৰোড, 8 মাৰ্চ : দেওবাৰে বৰপেটাৰ হাউলীত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ ৷ 'কা' বাতিল কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত দেওবাৰে হাউলীত অনুষ্ঠিত হোৱা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ জনজাগৰণত অংশ গ্ৰহণ কৰি তৰুণ গগৈ কয় যে, ৰাজ্য সভাত কংগ্ৰেছ-ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাটো নিশ্চিত ৷ কিন্তু এই মূহৰ্তলৈকে ৰাজ্যসভাৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই ৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে প্ৰিয়ংকা গান্ধীক ৰাজ্যসভাৰ প্ৰাৰ্থী দিয়াৰ কথা কৈছে কিন্তু প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে সন্মত হ'লে গগৈয়ে ভাল পাব, কিন্তু প্ৰিয়ংকা গান্ধীয়েযে সন্মত নহয় সেয়াও নিশ্চিত বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
এআইইউডিএফৰ লগত বিজেপিৰ প্ৰেম বহু আগতেই হৈছিল ৷ বিগত পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফৰ লগত বিজেপিয়ে মিলি বোৰ্ড গঠন কৰিছিল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মসন্মানত লগা নাছিল নেকি বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে কেৱল ৰাজ্যসভাত নহয় আগন্তুক বিধানসভাতো এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা হ'লে বিজেপি পৰাজয় হ'ব বুলি ভাৱি ভয় খাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আগন্তুক নিৰ্বাচনত বিজেপিৰ মিছন ১০০ক কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০ খন আসন পাব আৰু কংগ্ৰেছে পাব ৮০খন আসন ৷ কংগ্ৰেছৰ আসনক মিলাইহে বিজেপিয়ে মিছন ১০০ আসনৰ কথা কৈ আছে ৷ আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক দল বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰা আৰু 'কা'ৰ বিৰোধিতা কৰা সকলো দল সংগঠনৰ লগত মিত্ৰতা স্থাপন কৰি কংগ্ৰেছ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৷
তাৰোপৰি, ৰাজ্যখনত ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি পাই আহিছে যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত নিবনুৱাৰ কথা উল্লেখ নাই ৷ মন্ত্ৰী হিমন্তই বাজেটখন সপোনৰ বুলি মন্তব্য কৰে ৷ কিন্তু আমাক সপোনৰ বাজেট নালাগে ৷ সপোন বহুতে দেখুৱাই থাকে ৷ মোদীয়েও সপোন দেখুৱাইছিল বছৰত দুই কোটি সংস্থাপন দিব ৷ মোদীয়েই ফেইল মাৰিছে ৷ মন্ত্ৰী হিমন্তইয়ো কৈছিল পাচ লাখ নিবনুৱাক সংস্থাপন দিব ৷ কিন্তু এতিয়া মন্ত্ৰী হিমন্তই কৈছে এবছৰৰ ভিতৰতহে ৫৫ হাজাৰ নিবনুৱাকহে সংস্থাপন দিব ৷ সেইবোৰো খালী পদৰ কথাহে কৈছে নতুনকৈ সৃষ্টি কৰা পদ নহয় ৷ সেয়ে এইটো বিজেপিৰ সপোন দেখুৱা বাজেট বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছৰ বিধায়ক থকা সমষ্টি বাদেই দিলো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিত কিমান চাকৰি দিলে সেয়া ৰাজহুৱা কৰিবলৈও তৰুণ গগৈয়ে আহ্বান জনায় ৷ বিজেপি চৰকাৰ কেবল অপপ্ৰচাৰ আৰু পাব্লিচিটিতহে জীয়াই আছে বুলিও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিজেপি আটাইতকৈ বেছি দূৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছত থকাৰ সময়ত বিজেপিয়েই কৈছিল হিমন্ত বিশ্ব শৰ্মা দূৰ্নীতিগ্ৰস্ত ৷ সেইজন হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে আকোৱালি লৈছে ৷ বিজেপিয়ে আকোৱালি ল'লেই সকলোৱে দূৰ্নীতিমুক্ত হৈ যায় বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীৰ পৰা নৰ্থইষ্ট এক্সপ্ৰেছ ৰে'ল যোগে বৰপেটাৰোডলৈ আহি বৰপেটাৰ হাউলীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত অংশ লয় ৷
আৰু পঢ়কঃ অৰুণাচলী বেদখল উচ্ছেদৰ দাবীৰে বনমন্ত্ৰীৰ প্ৰতিকৃতি দাহ