বৰপেটা, 27 জুলাই : বৈষ্ণৱ গুৰু আৰু আতাপুৰুষসকলে প্ৰণয়ন কৰা সাঁচিপতীয়া পুথি পঠনৰ আছে এক বিশেষ পৰম্পৰা ৷ সময়ৰ সোঁতত সাঁচিপতীয়া পুথি পঠনৰ পৰম্পৰা স্থবিৰ হৈ পৰিছে ৷ সাঁচিপতীয়া পুথি পঠনৰ পৰম্পৰা অক্ষত ৰখাৰ বাবে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত "সাঁচিপাত অধ্যয়ন গোট"ৰ উদ্যোগত মঙলবাৰ অৰ্থাৎ 25 আৰু 26 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সাঁচিপতীয়া পুথি পঠনৰ কৰ্মশালা ৷
‘‘সাঁচিপাত অধ্যয়ন গোট’’ৰ সম্পাদিকা তথা পাঠ-সমীক্ষাৰ গৱেষক ৰাজতৰংগিনীয়ে পৰিচালনা কৰা কৰ্মশালাখনত সুন্দৰীদিয়া সত্ৰৰ ভকত-বৈষ্ণৱকে ধৰি নতুন প্ৰজন্মৰ কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সাঁচিপাত কিদৰে পাঠ কৰে তাৰ শিক্ষা আহৰণ কৰে ৷
এই কৰ্মশালাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক সঞ্জীৱ পল ডেকা, সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন বায়ন আৰু সম্পাদক ভূধৰ দাস, অধ্যয়ন গোটৰ সদস্য বনশ্ৰী কটকী, লক্ষ্য প্ৰতীম ডেকা আৰু কস্তুৰী বুঢ়াগোহাঁই উপস্থিত থাকে ।
এই সত্ৰানুষ্ঠানসমূহত সাঁচিপতীয়া পুথি পঠনৰ পৰম্পৰা অটুট ৰখাৰ বাবে "সাঁচিপাত অধ্যয়ন গোট"ৰ এই প্ৰচেষ্টাক সত্ৰবাসী ৰাইজে শলাগ জনায় ৷ লগতে ভৱিষ্যতে বৰপেটাৰ উঠি অহা প্ৰজন্মৰ মাজত সাঁচিপতীয়া পুথি পঠন জনপ্ৰিয় কৰিবলৈ এনে কৰ্মশালাৰ আয়োজন অতিকে প্ৰয়োজনীয় বুলিও সত্ৰবাসীৰ মাজত বিবেচিত হৈছে ৷
উল্লেখ্য যে, সুন্দৰীদিয়া সত্ৰত শ্ৰীমন্ত শংকৰ-মাধৱ গুৰু দুজনাৰ প্ৰায়ভাগ পুথি, ৰামচৰণৰ ঠাকুৰৰ "গুৰু চৰিত", দৈত্যাৰি ঠাকুৰৰ "শঙ্কৰ-মাধৱ চৰিত", আন কেইবাখনো চৰিত, বিষ্ণুপুৰী সন্ন্যাসীৰ টীকাযুক্ত সংস্কৃত "ভক্তি-ৰত্নাৱলী"কে ধৰি ষাঠিখনতকৈও অধিক দুৰ্মূল্য সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে ।
লগতে পঢ়ক : PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি