ETV Bharat / state

মৰণফান্দত পৰিণত কান্দাপাৰা-ৰূপাকুছি সংযোগী কাঠৰ দলং - কান্দাপাৰা-ৰূপাকুছি

মৰণফান্দত পৰিণত হৈছে কান্দাপাৰা-ৰূপাকুছি সংযোগী কাঠৰ দলং । কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । দৈনিক সংঘটিত হৈ আহিছে দূৰ্ঘটনা । ভ্ৰূক্ষেপ নাই জনপ্ৰতিনিধিৰ ।

মৰণফান্দত পৰিণত কান্দাপাৰা-ৰূপাকুছি সংযোগী কাঠৰ দলং

author img

By

Published : May 27, 2020, 10:56 PM IST

জনীয়া, 27 মে' : দুবছৰ পূৰ্বে জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰা-ৰূপাকুছি সংযোগী কাঠৰ দলংখন চাউলউখোৱা নদীৰ বাঢ়নী পানীত উটি যায় । অতি ব্যস্ততাপূৰ্ণ ৰাস্তাটোৰ দলংখন ভাঙি পৰাৰ ফলত হাজাৰ হাজাৰ পথচাৰীয়ে অসুবিধাত পৰে । ৰাইজৰ অনুৰোধত তেতিয়াৰ বিধায়ক বৰ্তমানৰ সাংসদ আব্দুল খালেকে দলংখন পকী দলঙলৈ উন্নীত কৰে আৰু কামো আৰম্ভ কৰে । কিন্তু পকী দলঙৰ কামৰ লগত এখন কাঠৰ দলঙৰ নিৰ্মাণ কামো আৰম্ভ হয় ।

মৰণফান্দত পৰিণত কান্দাপাৰা-ৰূপাকুছি সংযোগী কাঠৰ দলং

লক্ষ্যণীয় কথাটো হ'ল যে, দুটা বছৰতো চাৰিচকীয়া সৰু গাড়ী এখন যাব পৰাকৈ পৰিপূৰ্ণ হৈ নুঠিল কাঠৰ দলংখন । যাৰ ফলত দৈনিক সংঘটিত হৈ আহিছে দূৰ্ঘটনা । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বৰ্তমানৰ বিধায়ক, সাংসদ আৰু বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে । ঠিকাদাৰৰ হেমাহীৰ বাবেই কামখিনি সম্পূৰ্ণ হৈ নুঠিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসন তথা গড়কাপ্তানি বিভাগৰ দৃষ্টি গোচৰ কৰিছে ৰাইজে । অতি শীঘ্ৰেই দলঙখনৰ দুয়ো পাৰে মাটি ভৰাই যাতায়তৰ সু ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.