ETV Bharat / state

বজালীত সুৰাৰ বিপনী বন্ধ কৰিবলৈ ওলাই আহিল নাৰী শক্তি - wine shop in bajali

বজালী জিলাৰ চৌখুটি গাঁৱত নতুনকৈ স্থাপিত হোৱা সুৰাৰ বিপনী বন্ধ কৰাৰ দাবী গাঁৱৰ শতাধিক মহিলাৰ ৷ গ্ৰাম্যাঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী বন্ধ কৰিবলৈ বজালী জিলা প্ৰশাসনক দাবী মহিলাসকলৰ ৷

women-come-to-protest-to-stop-wine-shop
সুৰাৰ বিপনী বন্ধ কৰিবলৈ ওলাই আহিল নাৰী শক্তি
author img

By

Published : Apr 19, 2021, 10:15 PM IST

বজালী, 19 এপ্ৰিল : বজালী জিলাৰ চৌখুটি গাঁৱত নতুনকৈ স্থাপিত হোৱা এখন সুৰাৰ বিপনী বন্ধ কৰাৰ দাবীৰে ওলাই আহিল গাঁওখনৰ শতাধিক মহিলা ৷ আই এম এফ এল অন চপ (IMFL On Shop) নামৰ সুৰাৰ বিপনীখন বন্ধ কৰাৰ দাবীৰে সোমবাৰে গাঁৱৰ শতাধিক মহিলা ওলাই আহে ৷ সুৰাৰ বিপনীখন স্থাপন হোৱাৰে পৰা অঞ্চলটোত বিভিন্ন ধৰণে শান্তি বিঘ্নিত হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে মহিলা সকলে বিপনী খনত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

গ্ৰাম্যাঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী বন্ধ কৰিবলৈ বজালী জিলা প্ৰশাসনক দাবী মহিলাসকলৰ

যিকোনো পৰিস্থিতিত বিপনীখন বন্ধ কৰাৰ দাবী উত্থাপন কৰি মহিলাসকলে গ্ৰাম্যাঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী বন্ধ কৰিবলৈ বজালী জিলা প্ৰশাসনকো দাবী জনায় ৷ উল্লেখ্য যে, দাঁতিকাষৰীয়া ৰাইজৰ অনুমতি নোহোৱাকৈ স্বত্বাধিকাৰী পুতুল কলিতাৰ সুৰাৰ বিপনীখনে বিভাগীয় অনুমতি পোৱাক লৈ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :অৱশেষত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল "ছেবা"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.