ETV Bharat / state

বুধবাৰৰ দিনটোত বৰপেটাত 2 গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু - covid 19

বৰপেটাত বুধবাৰৰ দিনটোত 2 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2715 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 28গৰাকীলৈ বৃদ্ধি ৷

বুধবাৰৰ দিনটোত বৰপেটাত 2গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু

author img

By

Published : May 13, 2021, 8:55 AM IST

বৰপেটা,13 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাতো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বৰপেটা জিলাত বুধবাৰৰ দিনটোত 2 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 28 জনলৈ বৃদ্ধি পাইছে ৷

বুধবাৰৰ দিনটোত বৰপেটাত 2গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু
বুধবাৰৰ দিনটোত বৰপেটাত 2গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু

উল্লেখ্য যে, বৰপেটা জিলাত মুঠ ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2715 লৈ বৃদ্ধি পোৱাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছে 173 জন ব্যক্তি ৷ শেহতীয়া তথ্য অনুসৰি বৰপেটাত বুধবাৰৰ দিনটোলৈকে 859 গৰাকী ক’ভিড ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 1821 গৰাকী কৰ’ণা ৰোগী ৷ আনহাতে, বুধবাৰৰ দিনটোত বৰপেটাত 19 জন কৰ’ণা ৰোগী সুস্থ হৈ উঠিছে ৷

লগতে পঢ়ক: ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.