ETV Bharat / state

Scam in PMGSY scheme at Titapani : তিতাপানী পঞ্চায়তৰ সভাপতি-সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Dec 18, 2021, 9:34 AM IST

৫৩ নং তিতাপানী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়মৰ অভিযোগ (Scam in PMGSY scheme at Titapani) । এই অভিযোগ উত্থাপিত হৈছে পঞ্চায়তৰ সভাপতি-সদস্যৰ বিৰুদ্ধে । প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আৱাসগৃহ লাভ নকৰাৰ অভিযোগ ৷

Corruption in PMGSY scheme
জিঅ’ টেগৰ আবাসগৃহৰ নামত দুৰ্নীতি

জনীয়া, 18 ডিচেম্বৰ : দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma) ই গ্ৰহণ কৰা স্থিতি বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দিনতে সঘনে উত্থাপিত হৈছে দুৰ্নীতি আৰু অনিয়মৰ প্ৰসংগ ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ আনিছে বৰপেটাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩ নং তিতাপানী গাঁৱৰ ৰাইজে ৷

অভিযোগ অনুসৰি, ৫৩ নং তিতাপানী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি (Scam in PMGSY scheme at Titapani) ৷ কিয়নো পঞ্চায়তখনৰ অধীনত বাস কৰা প্ৰকৃত হিতাধীকাৰীসকলে লাভ কৰা নাই চৰকাৰে আৱণ্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ জিঅ' টেগৰ বাসগৃহ ৷ ইয়াৰ বিপৰীতে এই অনুদান লাভ কৰিছে অন্য লোকেহে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে তিতাপানী গাঁৱৰ একাংশ ৰাইজ ৷

জিঅ’ টেগৰ আৱাসগৃহৰ নামত দুৰ্নীতি

উল্লেখ্য যে, জিঅ’ টেগৰ ঘৰ আৱণ্টন দিয়াৰ নামত ৫৩ নং তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আশাদুল ইছলাম, পঞ্চায়তৰ সদস্য ৰফিকুল ইছলাম, মইনুল হক, মিজানুৰ ৰহমানৰ লগতে আন কেইবাগৰাকী সদস্যই সংঘটিত কৰিছে ব্যাপক অনিয়ম ৷ আনকি পঞ্চায়তৰ সভাপতিগৰাকীৰ লগতে সদস্য কেইগৰাকীয়ে একাংশ হিতাধিকাৰীৰ পৰা এক-দুই হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰিছে ৷ তদুপৰি এই ধন সংগ্ৰহৰ পিছত টিনৰ ঘৰৰ বেৰত বাঁহ লগাই বে-আইনীভাৱে সংগ্ৰহ কৰিছে ফটো ৷

ইয়াৰ লগতে কিন্তু পঞ্চায়ত সদস্য কেইগৰাকীয়ে সংগ্ৰহ কৰা নাই প্ৰকৃত হিতাধিকাৰীৰ উৱলি যোৱা ঘৰৰ ফটো অথবা আন তথ্য ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈ ৰৈছে একাংশ দৰিদ্ৰ হিতাধিকাৰী ৷

Corruption in PMGSY scheme
জিঅ’ টেগৰ আৱাসগৃহৰ নামত দুৰ্নীতি

সেয়ে বিষয় সন্দৰ্ভত ভুক্তভোগীসকলে জিলা উপায়ুক্ত, খণ্ড উন্নয়ন বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও লাভ নকৰিলে কোনো সুফল ৷ যাৰ বাবে পুনৰবাৰে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক এইক্ষেত্ৰত হস্তক্ষেপ দাবী কৰি প্ৰকৃত হিতাধিকাৰীক এই সুবিধা প্ৰদানৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক : Scam in PMGSY scheme at Sarupathar : গৃহহীনে নাপায় চৰকাৰী গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.