ETV Bharat / state

Minister Ranoj Pegu : বৰপেটা জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

author img

By

Published : Aug 4, 2023, 10:02 PM IST

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুকুৰবাৰে বৰপেটা জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে ৷ জিলাখনৰ প্ৰথমটো শীতল ভঁৰাল গৃহ, ন খন শিক্ষানুষ্ঠানত গঢ়ি তোলা স্মাৰ্ট শ্ৰেণীকোঠা আৰু সাতখন শিক্ষানুষ্ঠানত স্থাপন কৰা বিজ্ঞান পৰীক্ষাগাৰ উদ্বোধন কৰে মন্ত্ৰীজনে ৷

Various Development Project Inaugurated
কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
বৰপেটাত মন্ত্ৰী ডাঃ ৰণোজ পেগু

বৰপেটা, 4 আগষ্ট: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শুকুৰবাৰে বৰপেটা জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে ৷ মন্ত্ৰীজনে হাউলীত চৰকাৰী স্তৰত বৰপেটা জিলাত স্থাপন কৰা প্ৰথমটো শীতল ভঁৰাল গৃহ উদ্বোধন কৰে ৷ ভঁৰাল গৃহ চৌহদত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত ন খন শিক্ষানুষ্ঠানত গঢ়ি তোলা স্মাৰ্ট শ্ৰেণীকোঠা আৰু সাতখন শিক্ষানুষ্ঠানত স্থাপন কৰা বিজ্ঞান পৰীক্ষাগাৰো উদ্বোধন কৰে ৷

উল্লেখযোগ্য যে নীতি আয়োগৰ অৰ্থ সাহাৰ্যৰে শীতল গৃহটোৰ লগতে স্মাৰ্ট শ্ৰেণীকোঠা আৰু বিজ্ঞান পৰীক্ষাগাৰ কেইটা স্থাপন কৰা হৈছে ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ডাঃ পেগুৱে কয় যে আকাংক্ষিত জিলাৰ অন্তৰ্ভুক্ত বৰপেটাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা হৈছে ৷ ইয়াৰ ফলত সমগ্ৰ পূব ভাৰতৰ ভিতৰত আকাংক্ষিত জিলাৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বৰপেটা প্ৰথম স্থানত আছে ৷ এই ধাৰা অব্যাহত ৰাখিলে বৰপেটা অতি শীঘ্ৰে পিছপৰা জিলাৰ তালিকাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব বুলি কয় মন্ত্ৰীজনে ৷

শুকুৰবাৰে উদ্বোধন কৰা শীতল ভঁৰাল গৃহটোৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটা জিলাত যথেষ্ট শাক-পাচলি উৎপাদন হয় ৷ হাউলীক কেন্দ্ৰ কৰিও যথেষ্ট পৰিমাণৰ শাক-পাচলি উৎপাদন হয় ৷ সেয়েহে আজি উদ্বোধন কৰা শীতল ভঁৰাল গৃহটোৱে শাক-পাচলি উৎপাদক তথা কৃষক আৰু বিক্ৰেতা সকলক যথেষ্ট সকাহ দিবলৈ সক্ষম হ’ব ৷ একেদৰে স্মাৰ্ট শ্ৰেণীকোঠা আৰু বিজ্ঞান পৰীক্ষাগাৰ স্থাপনে জিলাখনৰ শৈক্ষিক দিশতো বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকি ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে বৰপেটা জিলাত অধিক শীতল ভঁৰাল স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ অনুষ্ঠানত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ , বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গেও ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়ক : Chief Ministers Karmashree Award :লখিমপুৰ জিলা আয়ুক্তলৈ মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.