ETV Bharat / state

বৰপেটাত ছাত্ৰীক প্ৰেমৰ চলনাৰে বহিঃৰাজ্যত বিক্ৰীৰ অপচেষ্টা শিক্ষকৰ

author img

By

Published : Nov 27, 2019, 6:38 PM IST

মুকালমুৱা আৰক্ষীৰ তৎপৰতাৎ নাৰী সৰবৰাহকাৰীৰ চক্ৰৰ পৰা ৰক্ষা পৰে যুৱতী গৰাকী ৷ একাডেমী খনৰ ছাত্ৰী নিবাসত থাকি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি আহিছিল বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ ছাত্ৰী গৰাকীয়ে ৷

Barpeta
মুকালমুৱা

বৰপেটা, 27 নৱেম্বৰঃ পুনৰ যুৱতীক প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যত বিক্ৰী কৰাৰ চেষ্টাৰ দৰে ঘটনা পোহৰলৈ আহিছে ৷ বৰক্ষেত্ৰীৰ লোহাৰকাঠাস্থিত এ.পি.জে আব্দুল কালাম জুনিয়ৰ একাডেমীৰ ছাত্ৰী এগৰাকীক একেখন বিদ্যালয়ৰে শিক্ষক এগৰাকীয়ে বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰাৰ অভিযোগ ইত্থাপিত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি একাডেমী খনৰ ছাত্ৰী নিবাসত থাকি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি আহিছিল বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ ছাত্ৰী গৰাকীয়ে ৷ ছাত্ৰী গৰাকীৰ অভিযোগ অনুসৰি একাডেমী খনৰ ইংৰাজী শিক্ষক তথা একাডেমী পৰিচালনা সমিতিৰ সম্পাদক আমিনুৰ ইছলামে পাঁচ মাহ পূৰ্বে তেওঁৰ লগতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল ৷ আৰু বিগত 25 নৱেম্বৰত তেওঁক অভিযুক্ত আমিনুৰ ইছলামে বিক্ৰীৰ বাবে একাডেমীৰ পৰা আন ঠাইলৈ পঠিয়াই দিছিল ৷ ইপিনে ছাত্ৰী গৰাকীক পৰিয়ালৰ লোকে ছাত্ৰী নিবাসৰ পৰা নিবলৈ আহোতেই ছাত্ৰী গৰাকী নিৰুদ্দেশ বুলি শিক্ষক আমিনুৰ ইছলামে পৰিয়ালয়ৰ লোকক জানিবলৈ দিয়ে ৷ ইয়াৰ পাচতে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ছাত্ৰীক প্ৰেমৰ চলনাৰে বহিঃৰাজ্যত বিক্ৰীৰ অপচেষ্টা শিক্ষকৰ

ইপিনে মতিউৰ ৰহমান নামৰ আন এজন যুৱকে ছাত্ৰী গৰাকীক হাজো থানালৈ লৈ যায় ৷ আৰু তাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ প্ৰকৃততে মতিউৰ ৰহমান আৰু শিক্ষক আমিনুৰ ইছলামে ছাত্ৰী গৰাকীক বহিঃ ৰাজ্যত বিক্ৰীৰ প্ৰস্তুতি চলাইছিল ৷ মতিউৰ ৰহমানে হোৱাট্চাপ যোগে বহু জনক ছাত্ৰী গৰাকীৰ ফটো প্ৰেৰণ কৰিছিল ৷ আৰু দুই-এদিনৰ ভিতৰতে যুৱতী গৰাকীক বহিঃৰাজ্যলৈ পঠিয়াই দিয়াৰ পৰিকল্পনা কৰিছিল মতিউৰে ৷ আনহাতে ছাত্ৰী গৰাকীৰ স্বীকাৰুক্তিৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে মতিউৰ আৰু আমিনুৰ ইছলামক আটক কৰি মঙলবাৰে নলবাৰী আদালতত হাজিৰ কৰে ৷ আৰু দুয়োজনকে নলবাৰী আদালতে জেললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক- শ্ৰীহৰিকোটাৰ পৰা ইছৰোয়ে উৎক্ষেপন কৰিলে PSLV-C47

Intro:
বৰপেটা ২৭ নৱেম্বৰ : বৰক্ষেত্ৰীৰ লোহাৰকাঠাস্থিত এ.পি.জে আব্দুল কালাম জুনিয়ৰ একাডেমীৰ ছাত্ৰীক বহি: ৰাজ্যত বিক্ৰীৰ অপচেষ্টা ৷ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰীক প্ৰেমত বন্দি কৰাইছিল বিদ্যালয়ৰ লম্পদ শিক্ষকে ৷ একাডেমীৰ হোষ্টলত থাকি অধ্যয়ন কৰি আহিছিল বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ ছাত্ৰী গৰাকী ৷ Body:একাডেমীৰ ইংৰাজী শিক্ষক তথা একাডেমী পৰিচালনা সমিতিৰ সম্পাদক আমিনুৰ ইছলামে ছাত্ৰী গৰাকীক ফুচুলাই বন্দি কৰাইছিল প্ৰেমত ৷ যোৱা ২৫ নবেম্বৰত ছাত্ৰী গৰাকীক বিক্ৰীৰ বাবে একাডেমীৰ পৰা আন ঠাইলৈ পঠাই দিছিল লম্পদ শিক্ষক আমিনুৰে ৷ ছাত্ৰী গৰাকীক পৰিয়ালৰ লোকে হোষ্টেললৈ নিবলৈ আহোতেই ছাত্ৰ গৰাকী নিৰুদ্দেশ বুলি পৰিয়ালয়ৰ লোকক জানিবলৈ দিয়ে লম্পদ শিক্ষক আমিনুৰ ইছলামে ৷ পিছত পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
মুকালমুৱা আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া আধুনিকা বৰুৱাৰ তৎপৰতাৎ কালি উদ্ধাৰ হয় ছাত্ৰী গৰাকী ৷ শিক্ষক আমিনুৰক আৰক্ষীয়ে আটক কৰাৰ পিছতে ছাত্ৰী গৰাকীক হাজো থানালৈ লৈ যায় মতিউৰ ৰহমান নামৰ আন এজন যুৱকে ৷ মুকালমুৱা আৰক্ষীয়ে হাজো থানাৰ পৰা ছাত্ৰী গৰাকীক লৈ অহাৰ লগতে মতিউৰ ৰহমানক অাটক কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
প্ৰকৃততে ছাত্ৰী গৰাকীক বহি: ৰাজ্যত বিক্ৰীৰ প্ৰস্তুতি চলাইছিল মতিউৰ ৰহমানে ৷ মতিউৰ ৰহমানৰ মোৱাইল ফোনটো জব্দ কৰাৰ পিছতে ওলাই পৰে সমগ্ৰ ঘটনা ৷ মতিউৰে Whtsapp যোগে ছাত্ৰী গৰাকীৰ ফটো প্ৰেৰণ কৰিছিল বহু জনক ৷ দুই-এদিনৰ ভিতৰতে যুৱতী গৰাকীক বহি: ৰাজ্যলৈ পঠাই দিয়াৰ পৰিকল্পনা কৰিছিল মতিউৰে ৷ মতিউৰে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে সকলো কথা ৷ মুকালমুৱা আৰক্ষীয়ে লম্পদ শিক্ষক আমিনুৰ ইছলাম আৰু হাজোৰ বুল্লুতৰ মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি কালিয়ে নলবাৰী আদালতত হাজিৰ কৰাৰ পিছত দুয়োজনকে নলবাৰী আদালতে জেললৈ প্ৰেৰণ কৰে ৷ পাঁচ মাহ পূৰ্বৰ পৰা ছাত্ৰী গৰাকীক প্ৰেমত বন্দিত কৰাইছিল শিক্ষক অামিনুৰে ৷ মুকালমুৱা আৰক্ষীৰ তৎপৰতাৎ নাৰী সৰবৰাহকাৰীৰ চক্ৰৰ পৰা ৰক্ষা পৰে ছাত্ৰী গৰাকী ৷

Conclusion:বাইট: ১) ছাত্ৰী গৰাকীৰ আত্মীয় ।
---- বাপকন দাস, বৰপেটা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.