ETV Bharat / state

বৰপেটাত ইউৰিয়া সাৰৰ নামত বৃহৎ ছিণ্ডিকেটৰ অভিযোগ - অভিযোগ

বৰপেটাত চলা ৰাজ সাহাৰ্যৰ ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেটত 266 টকাৰ প্ৰতি বস্তা ইউৰিয়া সাৰ বজাৰত বিক্ৰী হৈ আছে 500-550 টকা পৰ্যন্ত । ফলত সাৰ ক্ৰয় কৰাৰ বাবে বিপাঙত পৰিছে কৃষক সমাজ ৷

Urea syndicate at Barpeta
বৰপেটাত ইউৰিয়া সাৰৰ নামত বৃহৎ ছিণ্ডিকেটৰ অভিযোগ
author img

By

Published : Sep 14, 2020, 3:02 PM IST

বৰপেটা, 14 ছেপ্তেম্বৰ: বৰপেটা জিলাত ইউৰিয়া সাৰৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৃষক ৰাইজৰ । সমগ্ৰ জিলাখনতেই ৰাজ সাহাৰ্যৰ ইউৰিয়া সাৰৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও সম্প্ৰতি জিলাখনত 266 টকাৰ প্ৰতি বস্তা ইউৰিয়া সাৰ বজাৰত বিক্ৰী হৈ আছে 500-550 টকা পৰ্যন্ত ।

বৰপেটাত ইউৰিয়া সাৰৰ নামত বৃহৎ ছিণ্ডিকেটৰ অভিযোগ

কৃষকৰ অভিযোগ অনুসৰি, 266 টকাৰ প্ৰতি বস্তা ইউৰিয়া সাৰৰ লগত বিক্ৰী হৈ আছে কৃষকৰ বাবে অপ্ৰয়োজনীয় আন দুই প্ৰকাৰৰ 1000 টকীয়া ৰাসায়নিক সাৰ । ফলত খুচুৰা ব্যৱসায়ী আৰু কৃষকে যদি অন্য দুই প্ৰকাৰৰ সাৰ নলয়,তেন্তে এবস্তা ইউৰিয়া সাৰ 500ৰ পৰা 550 টকাত কিনিবলগীয়া হৈছে ।

ঠিক সেইদৰে, খুচুৰা ব্যৱসায়ীয়ে পাইকাৰী ব্যৱসায়ীৰ পৰা সাৰ কিনিব লগা হোৱাত কৃষকৰ ওচৰত অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকৰ লগতে বৰপেটা আমছুৱে । এই ক্ষেত্ৰত অসম চৰকাৰে অতি সোনকালে ইউৰিয়া সাৰৰ ছিণ্ডিকেট বন্ধ কৰি কৃষকৰ বাবে পৰ্যাপ্ত পৰিমাণে সাৰ যোগান ধৰিবলৈ দাবী জনায়। অন্যথা অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে আমছুৱে ৷

লগতে পঢ়ক: হোজাইৰ দেৱস্থানত জালনোটসহ আটক অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.