বৰপেটা, 23 মেঃ বৰপেটাৰ মাজদিয়াত শুক্ৰবাৰে নিশা অসুস্থ অৱস্থাত উদ্ধাৰ হয় এগৰাকী বৃদ্ধলোক ৷ মাজদিয়া বজাৰত অসুস্থ আৰু আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা বৃদ্ধ লোকজনক প্ৰত্যক্ষ কৰে মাজদিয়া আৰক্ষী চকীৰ এজন জোৱানে ৷ কোভিড-১৯ কৰ্তব্যত নিয়োজিত আৰক্ষীৰ জোৱানসকলে ভোকাতুৰ অৱস্থাত থকা লোকজনক লগে লগে উদ্ধাৰ কৰি নিশাৰ আহাৰ যোগান ধৰাৰ লগতে নিশা থকাৰ ব্যৱস্থা কৰি দিয়ে ।
আৰক্ষীৰ জোৱানসকলে অসুস্থ লোকজনক হাতমুখ ধুৱাই পৰিস্কাৰ কৰাই দি খাদ্য প্ৰদান কৰে ৷ কোভিড-১৯ক লৈ মানুহৰ মাজত আতংকময় পৰিবেশৰ মাজতো অসুস্থ লোকজনৰ প্ৰতি আৰক্ষীৰ জোৱানসকলে দেখুওৱা এনে মহানুভৱতা সঁচাকৈয়ে প্ৰশংসনীয় ৷ জানিবপৰা মতে, অসুস্থ লোকজন বৰপেটা জিলাৰ ৰৌমাৰী গাৱৰ হাছেন আলী ৷ অৱশ্যে কি পৰিস্থিতিত লোকজন এনেদৰে ঘৰৰ পৰা ওলাই আহিল বা অসুস্থ অৱস্থাত ৰাজপথত পৰি থাকিল সেই কথা জানিব পৰা হোৱা নাই ৷ মাজদিয়া আৰক্ষী চকী জোৱানসকলে লোকজনৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগৰ চলাই আছে ৷
লগতে পঢ়কঃ নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ