ETV Bharat / state

বৰপেটাৰ সৰ্থেবাৰীত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ অনন্য নিদৰ্শন

author img

By

Published : Sep 6, 2021, 6:57 PM IST

সৰ্থেবাৰীৰ বেলবাৰীত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ সততে হিন্দু-মুছলমানৰ মাজত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হোৱাৰ বিপৰীতে বেলবাৰীত দেখা গৈছে ইয়াৰ বিপৰীত দৃশ্য ৷

unique-example-of-religion-harmony-in-sarthebari-in-barpeta
বৰপেটাৰ সৰ্থেবাৰীত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ অনন্য নিদৰ্শন

বৰপেটা,6 ছেপ্টেম্বৰ: বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যত প্ৰায়ে হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ বিপৰীতে সৰ্থেবাৰীৰ বেলবাৰীত দেখা গৈছে এক বিপৰীত দৃশ্য ৷ অঞ্চলটোত হিন্দু লোকৰ দান বৰঙণিত আৰম্ভ হৈছে এটা মছজিদৰ নিৰ্মাণ কাৰ্য ৷ এই মছজিদটো হৈছে সৰ্থেবাৰীৰ বেলবাৰী জামে মছজিদ ৷ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ উপাসনাৰ থলী মছজিদটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ অঞ্চলটোৰ হিন্দু ধৰ্মালম্বী লোকে আগবঢ়াইছে দান-বৰঙণি ৷

উল্লেখ্য যে, হিন্দু বসতি প্ৰধান বেলবাৰীত 94 ঘৰ মুছলমান সম্প্ৰদায়ৰ লোক আছে ৷ মছজিদটো নিৰ্মাণৰ বাবে বহু হিন্দু লোকে বাঁহ, চিমেন্ট, নগদ ধন দান কৰিছে ৷ হিন্দু ধৰ্মালম্বী লোকৰ দান বৰঙণিৰে আনুষ্ঠানিক ভাৱে আৰম্ভ হৈছে মছজিদৰ নিৰ্মাণ কাৰ্য ৷ সোমবাৰে মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা শুভ ক্ষণত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত সকলো সম্প্ৰদায়ৰ লোক হ'ল মিলিত আৰু এক সমন্বয়ৰ বাৰ্তা লৈ সৰ্থেবাৰীৰ বেলবাৰীত আৰম্ভ হ'ল মছজিদ নিৰ্মাণৰ কাম ৷

প্ৰাপ্ত তথ্য মতে, মছজিদ নিৰ্মাণ কাৰ্যত পঞ্চগ্ৰাম উন্নয়ন সমিতিয়ে দুই লাখ টকা বৰঙণি আগবঢ়াইছে ৷ পঞ্চগ্ৰামৰ অধীনস্থ গাঁওকেইখন হৈছে বেলবাৰী, বেলৰবৰী, বেলবাৰী মুছলিম চুপা, বাঘমাৰা, বাঘমাৰা পাম ৷ পঞ্চগ্ৰামত পূৰ্বৰে পৰা হিন্দু-মুছলমানৰ মাজত ঐক্য, সম্প্ৰীতি আছে বুলি জানিবলৈ দিয়ে পঞ্চগ্ৰামৰ সভাপতি মনিকান্ত ডেকা আৰু নন্দেশ্বৰ ডেকাই ৷

ইয়াৰ উপৰিও বৰকাপলা, বন্নাৰপাৰ গাঁৱৰ হিন্দু লোকেও দান বৰঙনি আগবঢ়াইছে বুলি জানিবলৈ দিয়ে বেলবাৰী মুছলিম চুপাৰ সমাজকৰ্মী পুতুল আলীয় ৷

লগতে পঢ়কঃ জাগুনৰ নামফাইত লাইকাৰ প্ৰায় 150 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন সংগ্ৰাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.