ETV Bharat / state

জনীয়াৰ মেধেৰটাৰীত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং

author img

By

Published : Mar 29, 2021, 8:33 PM IST

জনীয়াৰ মেধেৰটাৰীত জনীয়াৰ বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ ৷ কংগ্ৰেছ মহাজোঁটক সাম্প্ৰদায়িক জোঁট বুলি কঠোৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷

union donor minister jitendra singh at jania
জনীয়াৰ মেধেৰটাৰীত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং

জনীয়া, 29 মাৰ্চ: জনীয়াত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামে ৷ জনীয়া সমষ্টিৰ মেধেৰটাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি দলৰ এক বৃহৎ নিৰ্বাচনী জনসভাত সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অংশ লৈ বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলায় ৷

কংগ্ৰেছ মহাজোঁটক সাম্প্ৰদায়িক জোঁট বুলি কঠোৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ

মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰ যোগে উপস্থিত হৈ কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কংগ্ৰেছ মহাজোঁটক সাম্প্ৰদায়িক জোঁট বুলি কঠোৰ সমালোচনা কৰে ৷ কংগ্ৰেছক মহাজোঁটক লৈ সমালোচনা কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামক পদুম ফুলৰ ছবিত ভোট দি জয়ী কৰিবলৈ ৰাইজক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ৷

সভাত জনীয়াৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলাম, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ সোমবাৰৰ সভাত প্ৰায় দহ হাজাৰ লোক সমাগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জনীয়াত বিজেপিৰ জয় নিশ্চিত বুলি বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে দাবী কৰে ৷

লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৬টা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: গৌৰৱ বল্লভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.