বৰপেটা, 7 জুলাই : বৰপেটাত বিস্ফোৰকসহ জেহাদী সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ (Youths arrested suspect of Jihadi)৷ বৰপেটাৰ হাউলীৰ উত্তৰ কালঝাৰত আৰক্ষীৰ অভিযানত জেহাদী সন্দেহত গ্ৰেপ্তাৰ দুই যুৱকক ৷ ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম ৷ ইপিনে ধৃত মোকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ বাগিছাৰ পৰা হস্তনিৰ্মিত তিনিটা বোমা, ইলেক্ট্ৰ'নিক ডিটেনেটৰ তিনিটা আৰু এক্সপ্ল'ছিভ নিঅ'জেন নাইনটিন চাৰিটা আৰু ৫ টা মোবাইল জব্দ কৰে আৰক্ষীয়ে (jihadi with explosives in Barpeta)৷
লক্ষ্যণীয়ভাৱে ধৃত দুই যুৱক সম্পৰ্কত ভিনিহিয়েক আৰু খুলশালীয়েক ৷ আজি বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই এক সংবাদমেল যোগে এই তথ্য সদৰি কৰে ৷ আজি পুৱতি নিশা বৰপেটা সদৰ থানাৰ ডিএছপি সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেত়ৃত্বত হাউলী আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ কৰে (Jihadi in Assam)৷
লক্ষ্যণীয়ভাৱে ধৃত ছফিকুল ইছলাম পূৰ্বে জামাতুল মুজাহিদীন বাংলাদেশ চমুকৈ JMBৰে জড়িত আছিল ৷ JMBৰে জড়িত থকাৰ অভিযোগত ২০১৯ চনত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷ পূৰ্বে JMB ৰে জড়িত ছফিকুল ইছলামে পুনৰ বৰপেটাত জেহাদৰ জাল বিয়পোৱা কাৰ্যত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷ সম্প্ৰতি দুই যুৱকৰ জেৰা অব্যাহত আছে ৷
লগতে পঢ়ক : কলিয়াবৰত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী