ETV Bharat / state

বৰপেটাৰোডত 9 কেজি গাঞ্জাসহ দুজন যুৱক আটক

author img

By

Published : Aug 9, 2021, 9:28 PM IST

বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ এখন বাছেৰে দুজন যুৱকে 9 কিলোগ্ৰাম গাঞ্জা মোনাত ভৰাই বৰপেটাৰোডলৈ কঢ়িয়াই অনাৰ উমান পাইছিল আৰক্ষীয়ে ৷

two-youths-arrested-with-9-kilos-of-ganja-in-barpeta-road-etv-bharat-assam
বৰপেটাৰোডত 9 কিলো গাঞ্জাসহ আটক দুজন যুৱক

বৰপেটাৰোড 9 আগষ্ট : ড্ৰাগছ, (Drugs) ভাং, চুলাই মদ আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰীৰ নিদৰ্শৰ পিছতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ পৰাৰ মাজতে সোমবাৰে বৰপেটাৰোড আৰক্ষীয়ে তালাচী অভিযান চলাই গাঞ্জা সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱকদ্বয় ছফিকুল ইছলাম আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷ ৰঙিয়াৰ পৰা এখন বাছেৰে দুজন যুৱকে প্ৰায় 9 কিলোগ্ৰাম গাঞ্জা মোনাত ভৰাই বৰপেটাৰোডলৈ কঢ়িয়াই আহি থকা বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

সেই মৰ্মে বৰপেটাৰোড আৰক্ষীয়ে উত্তৰ বৰপেটাৰোডৰ নৱ নিৰ্মিত ৰে’লৱে অ’ভাৰ ব্ৰীজৰ কাষত তালাচী চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱকদ্বয়ৰ ঘৰ ৰঙিয়া তিনিআলিত বুলি জানিব পৰা গৈছে ৷

বৰ্তমান বৰপেটাৰোড আৰক্ষীয়ে যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্যযোগ্য যে, দুদিন পূৰ্বে মহানগৰীৰ কটাহাবাৰীত গড়চুক আৰক্ষী আৰু ভৰলু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু বহিঃৰাষ্ট্ৰৰ নিচাজাতীয় টেবলেট । তদুপৰি নগদ 2 লাখ টকাসহ 5 লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰো জব্দ কৰিছিল আৰক্ষীয়ে ।

কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি স্বামী-স্ত্ৰী আৰু খুলশালীয়েকে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবৈধ বেহা । ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, বিগত দুটা বছৰত মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানৰ ড্ৰাগছ ল’বলৈ ধন নহ'লে ঘৰৰ পৰা চুৰি কৰি আনি দি যায় সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে সোণ আৰু ৰূপৰ মুদ্ৰা ।

লগতে পঢ়ক : এটা গৰুৱে কি অথন্তৰ ঘটালে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.