বৰপেটা, 9 মে’: বৰপেটাৰ ভেল্লা হত্যাকাণ্ডৰ নতুন মোৰ (Barpeta Bhella murder case update) ৷ দিল্লীৰ ঘটনাৰ পুনৰাবৃত্তি বৰপেটাত ৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত দিল্লীত এজন সমকামী লোকৰ হত্যাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে বৰপেটাত ৷ যোৱা 5 মে’ত বৰপেটাৰ ভেল্লাৰ পুতুল আলী নামৰ এজন ই-ৰিক্সা চালকৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ 4 মে'ৰ নিশাৰ পৰা সন্ধানহীন হৈ থকা পুতুল আলী নামৰ ই-ৰিক্সাচালকজনৰ মৃতদেহটো পিচদিনা পুৱা অৰ্থাৎ 5 মে’ত ডক্ৰেশ্বৰ গাঁৱৰ এটা পুখুৰীৰ পাৰৰ গাঁতৰ পৰা উদ্ধাৰ হৈছিল (Body recovered in Barpeta)৷
এই হত্যাকাণ্ডক লৈ সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি হৈছিল (Putul Ali Murder case) ৷ এগৰাকী ৰিক্সাচালকক কিয় আৰু কোনে কি উদ্দেশ্যৰে হত্যা কৰিছিল সেই লৈ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতেই পোহৰলৈ আহিল পুতুলৰ হত্যাৰ প্ৰকৃত কাৰণ ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি সমকামিতাৰ বাবেই পুতুল আলীক হত্যা কৰা হৈছিল (Putul Ali killed by 3 youths)৷
মঙলবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই বৰপেটা সদৰ থানাত এখন সংবাদমেল সম্বোধন কৰি পুতুল আলীৰ হত্যাৰ সৈতে জৰিত থকাৰ অভিযোগত দুই কিশোৰসহ তিনিজনক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে 19 বছৰীয়া যুৱক ববিদুল খানক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰে যদিও আন দুই কিশোৰৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে (3 youths killed a man) ৷ ববিদুলৰ সৈতে পুতুল আলীৰ সৈতে সম্পৰ্ক আছিল ৷ পুতুল আলীৰ পত্নীয়েও স্বামীৰ সমকামী চৰিত্ৰৰ কথা জানিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
4 মে'ৰ নিশা পুতুল আলীয়ে ঘৰৰ পৰা 5 কিলোমিটাৰ আঁতৰৰ ডক্ৰেশ্বৰলৈ গৈ ববিদুল খান আৰু আন দুই কিশোৰৰ সৈতে মিলিত হৈছিল পুতুল আলী ৷ পিচে এই ঘটনাৰ মাজতেই কোনো কথাক লৈ তেওঁলোকৰ মাজত মতানৈক্যৰ সৃষ্টি হয় আৰু ববিদুলৰ সৈতে দুই কিশোৰে মিলি পুতুল আলীক হত্যা কৰি পুখুৰীপাৰত মৃতদেহটো পুতি থয় ৷ সমকামিতাৰ বাবেই এজন ৪৫ বছৰীয়া ব্যক্তিক দুই কিশোৰসহ তিনিজনে মিলি হত্যা কৰে ৷ এই ঘটনাৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: Sangeeta Dutta Case: চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য