ETV Bharat / state

এছ আই পৰীক্ষা: বৰপেটালৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে - two poor students passed si exam

ৰাজ্যত অনুষ্ঠিত হোৱা অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাত 99 আৰু 106 স্থান দখলেৰে বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই যুৱকে ৷ হুমায়ুন স্বাহানুৰ আৰু বাহাৰুল ইছলাম নামৰ যুৱক দুজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷

এছ আই পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটালৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে

author img

By

Published : Feb 18, 2021, 6:51 AM IST

জনীয়া,18 ফেব্ৰুৱাৰী: বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলাজা আৰু বালাগাঁৱৰ ক্ষুদ্ৰকুছি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে হুমায়ুন স্বাহানুৰ আৰু বাহাৰুল ইছলামে । ৰাজ্যত অনুষ্ঠিত হোৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাত হুমায়ুন স্বাহানুৰে 99 আৰু বাহাৰুল ইছলামে 106 স্থান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ স্বাহানুৰে এই সফলতাৰ ক্ষেত্ৰত পিতৃ-মাতৃ, গাঁৱবাসী আৰু আজমল ফাউণ্ডেশ্যনৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

একেদৰে ক্ষুদ্ৰকুছি গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ সন্তান বাহাৰুলে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে মাতৃ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত পিতৃৰ বিয়োগ ঘটে । অতি কষ্টেৰে পঢ়া-শুনা কৰা বাহাৰুলৰ এই সফলতাৰ ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃ, গাঁৱবাসীৰ লগতে অসম চৰকাৰ বুলি প্ৰকাশ কৰে ৷ লগতে ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্যত উপনীত হ'বলৈ লক্ষ্য স্থিৰ কৰি ল'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.