ETV Bharat / state

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃ আটক দুই ব্যৱসায়ী

author img

By

Published : Jan 19, 2021, 2:14 PM IST

বৰপেটাত বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মঙলবাৰে নিচাযুক্ত কফ চিৰাপৰ ব্যৱসায়ৰ বিৰুদ্ধে কেওটকুছিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে 554 টা কফ চিৰাপৰ বটলসহ দুই ব্যৱসায়ী আটক কৰে ৷

two-person-arrested-with-cough-syrup-at-barpeta
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযানঃআটক দুই ব্যৱসায়ী

বৰপেটা,১৯ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ব্ৰাউন চুগাৰ,গাঞ্জা আদিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে নিচাযুক্ত টেবলেট আৰু কফ চিৰাপৰ ব্যৱসায় ৷ মঙলবাৰে নিচাযুক্ত কফ চিৰাপৰ ব্যৱসায়ৰ বিৰুদ্ধে কেওটকুছিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে 554 টা নিচাযুক্ত কফ চিৰাপৰ বটলসহ দুই ব্যৱসায়ী আটক কৰে ৷

ধৃত দুই ব্যৱসায়ী কেওটকুছিৰ পুথিমাৰী গাঁৱৰ মইনুল হক আৰু বাবুল আলি বুলি জানিব পৰা গৈছে ৷ আনহাতে,বৰপেটাত বৃদ্ধি পোৱা নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বৰপেটা আৰক্ষীয়ে ৷

লগতে পঢ়কঃকৰিমগঞ্জত ড্ৰাগছ সৰবৰাহত জড়িত আছে কাৰাগাৰৰ সুৰক্ষা কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.