ETV Bharat / state

G20 Summit cultural programme:জি ২০ শীৰ্ষ সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত হ’ব অসমৰ কলা-কৃষ্টি - g20 cultural programme

নতুন দিল্লীৰ জি ২০ শীৰ্ষ সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ দুই শিল্পীয়ে ৷ অসমৰ খোল,বাদ্য, ডগৰ, হোলীঢোল, ঢোল, পেঁপা গগনাকে আদি কৰি শাস্ত্ৰীয় আৰু লোকসংগীতৰ বাদ্য প্ৰদৰ্শন কৰিব দুই শিল্পীয়ে ৷

G20 Summit in India
সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ দুই শিল্পীয়ে
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:49 PM IST

সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ দুই শিল্পীয়ে

বৰপেটা, ৯ ছেপ্টেম্বৰ : দিল্লীত অনুষ্ঠিত বিশ্বৰ শীৰ্ষ জি'২০ সন্মিলনত বিভিন্ন ৰাষ্ট্ৰৰ অভ্যাগত সকলৰ মাজত পৰিৱেশন কৰা হ’ব ভাৰতীয় বাদ্য শিল্পীৰ অনবদ্য অনুষ্ঠান “গন্ধৰ্ব আতোধ্যায়” ৷ দেশৰ ৭৮ গৰাকী পণ্ডিত শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ শিল্পীসকলৰ সৈতে অংশ ল’ব সত্ৰনগৰী বৰপেটাৰ মনোজ কুমাৰ দাসৰ লগতে অসমৰ লোক সংগীত শিল্পী দিলীপ হীৰাই ৷

G20 Summit in India
সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ দুই শিল্পীয়ে

এই দুই শিল্পীয়ে অসমৰ খোল,বাদ্য, ডগৰ, হোলীঢোল, ঢোল, পেঁপা গগনাকে আদি কৰি শাস্ত্ৰীয় আৰু লোকসংগীতৰ বাদ্য প্ৰদৰ্শন কৰিব ৷ সংগীত নাটক অকাডেমীৰ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক বৰপেটাৰ মনোজ কুমাৰ দাসৰ লগতে দিলীপ হীৰাই অনুষ্ঠানটোত অংশ লৈ গৌৰৱান্বিত বুলি প্ৰকাশ কৰিছে । বিশ্ব শীৰ্ষ সন্মিলনত ১২০ মিনিট যোৰা ভাৰতৰ বাদ্যসংগীতৰ সাংস্কৃতিক অনুষ্ঠানটোত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ , ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনকে আদি কৰি বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু ৪০০ প্ৰতিনিধি ৷

আজি শনিবাৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৭৮ জন বাদ্যশিল্পীয়ে একেলগে ভাৰতীয় শাস্ত্ৰীয় সংগীত, কৰ্ণাটকী সংগীত, বৰগীত, লোকসংগীত প্ৰদৰ্শন কৰিব ৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সংগীত নাটক অকাডেমীৰ বিশেষ আমন্ত্ৰণত খোল বাদ্যৰ শিল্পী বৰপেটাৰ মনোজ কুমাৰ দাসে লোক সংগীতৰ অনুষ্ঠানত ভাগ ল’ব ৷ নতুন দিল্লীত প্ৰায় এসপ্তাহ জুৰি চলা অনুশীলনৰ অন্তত আজি মনোজ কুমাৰ দাসে নতুন দিল্লীৰ পৰা জি ২০ শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ পাই সুখ অনুভৱ কৰা বুলি ব্যক্ত কৰে ৷

লগতে পঢ়ক : G20 Summit in India : বিশ্বাসৰ ঘাটি দূৰ কৰিবলৈ মানৱতাবাদী দৃষ্টিভংগীৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.