বৰপেটা, 8 আগষ্ট: দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা (Tarabari Police Station) আৰু থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সোমবাৰে এক ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় (Triranga Yatra in Barpeta) ।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত তাৰাবাৰী আৰক্ষী থানাৰ পৰা বহৰি, চেঙা, চেঙা মুছলমান গাঁও হৈ পুনৰ চেঙা চক-বজাৰলৈ প্ৰায় ১০ কিলোমিটাৰ খোজকাঢ়ি এই সমদলৰ সামৰণি পৰে ৷ এই সমদলত অংশগ্ৰহণ কৰা সকলোৱে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ত্ৰিৰংগা যাত্ৰা উলিয়াই বন্দে মাতৰম, ভাৰত মাতা কি জয়, ধ্বনিৰে মুখৰিত কৰি তোলে বৰপেটাৰ আকাশ বতাহ ।
সমদলত অংশগ্ৰহণ কৰি তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে ত্ৰিৰংগা পদযাত্ৰাৰ জৰিয়তে আগন্তুক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰতে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । লগতে, জাতীয় পতাকা আমাৰ দেশৰ গৌৰৱ বুলি উল্লেখ কৰি জাতীয় পতাকাখন প্ৰতি ঘৰতে জিলিকাই ৰাখিবলৈও আহ্বান জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে ।
এই সজাগতামূলক সমদলত থানা এলেকাৰ গাঁওৰক্ষী বাহিনী, বিভিন্ন দল-সংগঠনৰ সাত শতাধিক লোকে স্ব-ইচ্ছাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !