বৰপেটা,২৬ নৱেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জন দৰদী জননেতা তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ নিয়তিৰ ওচৰত হাৰ মানি ৮৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসংখ্য লোকে ৷
অসমৰ ৰাজনীতিত তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপেটা জিলা কংগ্ৰেছে ৷ বৃহস্পতিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বৰপেটা বৰবজাৰৰ পাঁচ আলি চ'কত বন্তি প্ৰজ্বলন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জননেতা গৰাকীলৈ ৷
লগতে পঢ়ক :লেপেটকটাৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ