ETV Bharat / state

কলগাছিয়াৰ তিতাপানী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মইমতালি - School Management Committee

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডত চলিছে অৰাজকতা । শিক্ষাখণ্ডটোৰ অন্তৰ্গত তিতাপানী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ লগতে সহ শিক্ষকে নিজ খেয়ালখুচি মতে বিদ্যালয়ত উপস্থিত হৈ পাঠদান কৰা কাৰ্যই শিক্ষা বিভাগটোৰ অৰাজকতাৰ স্বৰূপটোকে উদঙাই দেখুৱাইছে ।

titapani-primary-school-in-kalgasia
কলগাছিয়াৰ তিতাপানী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মইমতালি
author img

By

Published : Oct 30, 2021, 7:46 PM IST

জনীয়া, 30 অক্টোবৰ : বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৮৭২ নং তিতাপানী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিয়ে অন্ধকাৰ নমাই আনিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ । বিদ্যালয়খনত তিনিগৰাকী শিক্ষক আছে যদিও বিভিন্ন অজুহাত দেখুৱাই বিদ্যালয়ত অনুপস্থিত থাকে প্ৰধান শিক্ষক মুনিন্দ্ৰ দেৱ গোস্বামী । বিদ্যালয়খনৰ সহ-শিক্ষকসকলো বিদ্যালয়ত প্ৰায়ে অনুপস্থিত থকাৰ অভিযোগ কৰিছে ৰাইজে ।

কলগাছিয়াৰ তিতাপানী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মইমতালি

বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সহ শিক্ষকসকল প্ৰায়ে বিদ্যালয়ত অনুপস্থিত থকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । শনিবাৰেও ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত সময়মতে উপস্থিত হয় যদিও এগৰাকী সহ শিক্ষয়িত্ৰী 9.30 বজাৰ বিপৰীতে পুৱা ১০ বজাতহে উপস্থিত হয় বিদ্যালয়ত । আনহাতে, প্ৰধান শিক্ষকৰ লগতে আন শিক্ষকসকল অনুপস্থিত থাকে বিদ্যালয়ত ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে সহ শিক্ষকৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে স্থানীয় লোক তথা অভিভাৱক ৷ বিদ্যালয় পৰিচালনা সমিতিয়েও এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । তদুপৰি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে মধ্যাহ্ন যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : বিটিআৰত দৰিদ্ৰ পৰিয়ালক সহায়ৰ অৰ্থে ভূমি পৰামৰ্শদাতা সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.