বৰপেটা ৩০ মে': সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰগছসহ আটক কৰা হৈছে এজনৰ পাছত আনজন সৰবৰাহকাৰী ৷ দেওবাৰে বৰপেটা জিলাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ চলিল বৰপেটা আৰক্ষীৰ অভিযান ৷
বৰপেটাৰ জনীয়াত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যৱসায়ী তিনিটা হৈছে জনীয়াৰ মান্নান আলী আৰু ৰফিকুল ইছলাম ৷ আনহাতে আনটো ড্ৰাগছ ব্যৱসায়ী বাংলীপাৰা গাঁৱৰ মফিজুল খান ৷ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা বহু পৰিমানৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা মতে, জনীয়াৰ এখন পান দোকানত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত তিনিওকে আটক কৰা হয় ৷
ইপিনে বিগত সময়চোৱাত কেবাজনো সৰু সুৰা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ বিপৰীতে মুল চক্ৰটোক উৎখাটৰ ক্ষেত্ৰত আৰক্ষীৰ ব্যৰ্থতা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰপেটা আৰক্ষীয়ে মুল ঘাটি উৎখাট কৰাৰ ক্ষেত্ৰত চেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা