বৰপেটা, 29 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো সংহাৰী ৰূপ লৈছে কৰ’ণা মহামাৰীয়ে ৷ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যখনৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগী ৷ শনিবাৰৰ দিনটোত বৰপেটা জিলাত 3 গৰাকীকৈ লোক কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ ইয়াকে লৈ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি পালে ৷
আনহাতে শনিবাৰে জিলাখনত নতুনকৈ 218 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৬ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ এইপৰ্যন্ত জিলাখনত মুঠ ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৪৫ গৰাকী ৷ ইয়াৰে ৩২৬৮ জন ক’ভিড ইতিমধ্যে ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ উল্লেখ্য যে, শনিবাৰৰ দিনটোত জিলাখনৰ ৪৫৮৩ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল তাৰ ভিতৰত ২১৮ লোক কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ উক্ত দিনটোত জিলাখনত কৰ’ণাত আক্ৰান্তৰ হাৰ ৪.৭৫ শতাংশ ৷
লগতে পঢ়ক: বৰখাটাত বলেৰ' পিক আপ ভান বাগৰি নিহত এজন