ETV Bharat / state

সত্ৰনগৰীত চোৰৰ তাণ্ডৱ: প্ৰতিদিনেই সত্ৰই সত্ৰই চলাইছে চাফাই - Thief in satras

সত্ৰ নগৰী বৰপেটা পৰিণত হৈছে চোৰৰ বিচৰণস্থলীলৈ । প্ৰায় প্ৰতিনিশাই সত্ৰসমূহত চলিছে চোৰৰ চাফাই অভিযান । পুনৰ দুখনকৈ সত্ৰত সংঘটিত চুৰিকাণ্ডকলৈ উদ্বিগ্ন বৰপেটাবাসী (Thief in satras) ।

frequent thefts in barpeta
সত্ৰনগৰীত চোৰৰ তাণ্ডৱ: প্ৰতিদিনেই সত্ৰই সত্ৰই চলাইছে চাফাই
author img

By

Published : Apr 3, 2022, 8:57 PM IST

বৰপেটা,০৩ এপ্ৰিল: বৰপেটাৰ সত্ৰ নামঘৰত অব্যাহত চোৰৰ তাণ্ডৱ ৷ আৰক্ষীক চেলেঞ্জ কৰি চোৰে প্ৰতি নিশাই চলাই গৈছে চাফাই অভিযান । সঘনাই হোৱা চুৰিকাণ্ডকলৈ উদ্বিগ্ন বৰপেটাবাসী । শনিবাৰে নিশা বৰপেটাৰ ভিঠি থানত চোৰে চলালে লুটপাত । শ্ৰীমন্ত শংকৰদেৱে উজনিৰ পৰা ভটিয়াই আহি প্ৰথম খোজ পেলোৱা চিনপৰা ভিঠি থানখনত চুৰিৰ ঘটনাক লৈ উদ্বিগ্ন ভকত সকল ৷

সত্ৰনগৰীত চোৰৰ তাণ্ডৱ: প্ৰতিদিনেই সত্ৰই সত্ৰই চলাইছে চাফাই

চোৰে লুটি নিয়ে সোণ-ৰূপ খচিত মূৰ্ত্তিসহ নগদ ধন,কাঁহৰ ভোৰতাল (Thief steals properties of satra in Barpeta) । সত্ৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি বৰপেটা চহৰৰ পালাংদি হাটীত অৱস্থিত চিনপৰা ভিঠি থানখনৰ পৰা চোৰে চুৰি কৰি নিয়ে এটা সোন ৰূপ খচিত মূৰ্তি, প্ৰায় ৫০ হেজাৰ টকা আৰু প্ৰসংগত ব্যৱহৃত ৭ যোঁৰ কাঁহৰ তাল ৷

আনহাতে থানখনৰ পৰা ধৰ্মীয় উৎসৱত ব্যৱহৃত কাঁহ আৰু পিতলৰ শৰাই, কলহ, খৰাহী, চৰিয়াৰ লগতে অনুভাষণ যন্ত্ৰৰ এমপ্লিফেয়াৰ বক্সটোও চুৰি কৰি নিয়ে চোৰে ৷ লগতে প্ৰণামীৰ প্ৰায় ৫০ হাজাৰ টকাও চুৰি কৰা বুলি সদৰি কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷ আনহাতে শুকুৰবাৰেও বৰপেটাৰ আন এখন সত্ৰত সংঘটিত হৈছিল চুৰিকাণ্ড ।

নাৰায়ণ দাস ঠাকুৰ আতা স্থাপিত কনৰা সত্ৰত শুকুৰবাৰে সংঘটিত হৈছিল চুৰিকাণ্ড । ভাজঘৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে সামগ্ৰীখিনি । সত্ৰৰ সোণৰূপৰ গহনা, ফুল আদি এখন গামোছাত বান্ধি চুৰি কৰি নিবলৈ বিচাৰিছিল যদিও সেই সময়তে স্থানীয় লোকৰ হৈ চৈ শুনি সোণ ৰূপৰ গহনা, প্ৰসংগত ব্যৱহৃত কাঁহৰ তাল আদি পেলাই থৈ চোৰে পলায়ন কৰে ৷ ইপিনে চোৰটোৱে সত্ৰ চৌহদত এখন চাইকেল এৰি থৈ যায় ৷

লগতে পঢ়ক: Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.