ETV Bharat / state

ন মাহৰ পাচত আৰক্ষীৰ জালত চোৰ - thief in police custody after nine months

কলগাছিয়াত ATMৰ পৰা টকা চুৰি কৰা গভাইত চোৰ আটক । চুৰিকাণ্ডৰ ন মাহৰ পাচত গৰাকীয়ে আটক কৰে চোৰটোক । ধৃত চোৰটো হালধীয়া পাথাৰ গাঁৱৰ ৰফিকুল ইছলামৰ পুত্ৰ ৰহিম বাদশা বুলি জানিব পৰা গৈছে।

Thieves is in police custody after nine months
ন মাহৰ পাচত আৰক্ষীৰ জালত চোৰ
author img

By

Published : Jun 7, 2021, 9:31 PM IST

জনীয়া,7 জুন: সুদীৰ্ঘ ন মাহৰ পাচত কলগাছিয়া আৰক্ষীৰ জালত পৰিল এটা চোৰ ৷ 2020 চনৰ ছেপ্তেম্বৰ মাহত কালগাছিয়াৰ এজন লোকৰ ATM কাৰ্ডৰ পৰা চোৰটোৱে চতুৰালিৰে ধন সৰকাই পৰিল আৰক্ষীৰ জালত ৷ ঘটনা অনুসৰি, নিজে ব্যৱহাৰ কৰিব নজনাৰ অজুহাতত হালধীয়া পাথাৰ গাঁৱৰ ৰহিম বাদশাই চতুৰালি কৰি ধন উলিওৱাত সহায় কৰিব বুলি কৈ কলগাছিয়াৰ বাসিন্দা আব্দুৰ ৰহমানৰ সৈতে ATM কাৰ্ডখন সলনি কৰি লোৱাৰ লগতে গোপন পিন নম্বৰটো জানি লয়।

ন মাহৰ পাচত আৰক্ষীৰ জালত চোৰ

সহজ সৰল মানুহজন আঁতৰি যোৱাৰ লগে লগে গভাইত চোৰ ৰহিম বাদশাই ATM কাৰ্ড ব্যৱহাৰ কৰি লোকজনৰ একাউন্টৰ পৰা পাঁচ হাজাৰকৈ দুটা কিস্তিত দহ হাজাৰ টকা উলিয়াই লয় । ইয়াৰ উপৰিও লোকজনৰ একাউন্টৰ পৰা 20 হাজাৰ টকা মাতৃ কমেলা খাতুনৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰে। ফলত ভুক্তভোগীয়ে বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল ৷

কিন্তু, সোমবাৰে চোৰটোক দেখা পাই ভুক্তভোগীয়ে আটক কৰি উত্তম মাধ্যম দিয়াত ATM চুৰি কৰা বুলি স্বীকাৰ কৰাৰ লগতে চুৰি কৰা টকা ঘূৰাই দিব বুলিও স্বীকাৰ কৰে। অৱশেষত গভাইত চোৰটোক কলগাছিয়া আৰক্ষীৰ হাতত গতাই দিয়ে ।

লগতে পঢ়ক: সংকটৰ দিশে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.