ETV Bharat / state

আৰক্ষীৰ পৰা সাৰি নগ'ল ভগৱানো - বৰপেটা চহৰৰ গণককুছি

ধৰ্মীয় স্থানত স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ আৰক্ষীৰ ৰোষত পৰিল ভগৱান (Bhagwan in trouble) ৷ সাৰি নগ'ল ভগৱানৰ সহযোগীও ৷ সবিশেষ জানো আহক...

thief-arrested-of-barpeta-satra-namghar
আৰক্ষীৰ পৰা সাৰি নগ'ল ভগৱানো
author img

By

Published : Apr 5, 2022, 10:42 PM IST

বৰপেটা, ৫ এপ্ৰিল : অৱশেষত আৰক্ষীৰ জালত পৰিল ভগৱান ৷ বৰপেটাৰ সত্ৰ, থান নামঘৰত নিজ স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ আৰক্ষীৰ ৰোষত পৰিল ভগৱান আৰু ভগৱানৰ সহযোগী ৷

মন কৰিব লগীয়া যে, শোহতীয়াকৈ সত্ৰনগৰী বৰপেটা পৰিণত হৈছে চোৰৰ বিচৰণস্থলীলৈ । প্ৰায় প্ৰতিনিশাই সত্ৰসমূহত চলিছে চোৰৰ চাফাই অভিযান । আৰক্ষীক চেলেঞ্জ কৰি চোৰে প্ৰতি নিশাই চলাই গৈছে চাফাই অভিযান (Thief steals properties of satras in Barpeta) ।

Thief arrested of Barpeta Satra Namghar
অৱশেষত আৰক্ষীৰ জালত পৰিল ভগৱান

উল্লেখ্য যে, কিছুদিন পূৰ্বে বৰপেটাৰ সত্ৰ, থান নামঘৰত সংঘটিত হৈছিল চুৰিকাৰ্য (Thief in satras) ৷ চোৰে লুটি নিছিল ধৰ্মীয় স্থান কেইটাৰ বহু মূল্যৱান সামগ্ৰী ৷ কিন্তু এই চুৰিকাৰ্যত লিপ্ত থকা চোৰৰ দলক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বৰপেটা চহৰৰ গণককুছিৰ নিজ গৃহৰ পৰা সত্ৰ নামঘৰৰ চুৰি কাৰ্যৰ সৈতে জড়িত চোৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ পৰা সাৰি নগ'ল ভগৱানো

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰটোৰ নাম হৈছে ভগৱান মজুমদাৰ ৷ আৰক্ষীয়ে ভগৱান মজুমদাৰৰ ঘৰৰ পৰা চিনপৰা ভিঠি থানৰ চুৰি হোৱা পিতলৰ চৰিয়া, খৰাহী আদি সামগ্ৰী উদ্ধাৰ কৰিছে ৷ আনহাতে, ভগৱান মজুমদাৰ নামৰ চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে তলা ভাঙিব পৰা সামগ্ৰী ৷

ইপিনে, বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাঁৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি ভগৱান মজুমদাৰে চুৰি সামগ্ৰীসমূহ গহেৰপাম গাৱৰ চামাদ উদ্দিনৰ ওচৰত বিক্ৰী কৰিছিল ৷ ইপিনে চামাদ উদ্দিন নামৰ লোকজনে চুৰি কাঁহ পিতলৰ সামগ্ৰীসমুহ সৰ্থেবাৰীত বিক্ৰীৰ সন্দেহ আৰক্ষীৰ ৷

বিগত কেইবাদিন ধৰি বৰপেটা চহৰৰ এখনৰ পিছত আনখন সত্ৰত চুৰিকাৰ্যৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল চোৰৰ দলটোৱে ৷ সত্ৰনগৰী বৰপেটা চহৰৰ সত্ৰ নামঘৰত হোৱা চুৰিৰ ঘটনাক লৈ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনকি সত্ৰনগৰীৰ ধৰ্মীয় স্থান, থান সত্ৰসমূহত আৰম্ভ হোৱা চুৰিকাৰ্য আৰু ভক্তৰ ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে বৰপেটা সত্ৰই বুধবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মূখত দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰো আহ্বান জনাইছিল ৷

ইয়াৰ মাজতেই সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰ নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লক্ষ্যণীয়ভাৱে ভগৱান মজুমদাৰে পূৰ্বে বৰপেটা সত্ৰৰ মূল দুৱাৰৰ ৰক্ষক হিচাপে কৰ্মৰত আছিল ৷ সত্ৰ নামঘৰৰ চুৰিৰ অভিযোগত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : সত্ৰনগৰীত চোৰৰ তাণ্ডৱ: প্ৰতিদিনেই সত্ৰই সত্ৰই চলাইছে চাফাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.