ETV Bharat / state

Thief Arrested in Kalgachia: কলগাছিয়া বজাৰৰ মাজমজিয়াত গভাইত চোৰ আটক

author img

By

Published : Mar 23, 2023, 10:52 AM IST

কলগাছিয়া বজাৰৰ মাজমজিয়াত সোণ চুৰি কৰি আটক হ'ল এটা চোৰ (Thief Arrested in Kalgachia) ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত অৱস্থিত এম এইচ জুৱেলাৰ্চ নামৰ দোকানখনত সংঘটিত হয় এই চুৰিকাণ্ড ৷

Thief Arrested in Kalgachia
কলগাছিয়া বজাৰৰ মাজমজিয়াত সোণ চুৰি কৰি আটক হ'ল এটা চোৰ

কলগাছিয়া বজাৰৰ মাজমজিয়াত গভাইত চোৰ আটক

জনীয়া, 23 মাৰ্চ: কলগাছিয়াত চোৰৰ উপদ্ৰৱ ৷ দিনদুপৰতে সংঘটিত হৈছে ইটোৰ পাছত সিটো চুৰিকাণ্ড ৷ দিনদুপৰতে সংঘটিত হৈ থকা চুৰিকাণ্ডই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ ৷

এইবাৰ কলগাছিয়া বজাৰৰ মাজমজিয়াত সোণ চুৰি কৰি আটক হ'ল এটা গভাইত চোৰ (Thief Arrested in Kalgachia) ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত অৱস্থিত এম এইচ জুৱেলাৰ্চ নামৰ দোকানখনত সংঘটিত হয় এই চুৰিকাণ্ড ৷ জানিব পৰা মতে বুধবাৰে আবেলি এম এইচ জুৱেলাৰ্চৰ স্বত্বাধিকাৰী মহম্মদ মোবাৰক হুছেইন নামৰ ব্যক্তিজনৰ লগতে দোকানৰ দুজন সহায়কাৰী ঘৰত খাবলৈ যোৱাৰ সময়তে চোৰে সংঘটিত কৰে চুৰিকাণ্ড ৷ কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাবৰ আলী নামৰ চোৰটো দোকানত প্ৰৱেশ কৰে আৰু প্ৰায় 12 গ্ৰাম সোণ চুৰি কৰি লৈ যায় ৷ জুৱেলাৰ্চৰ স্বত্বাধিকাৰীয়ে জনোৱা অনুসৰি চুৰি হোৱা সোণখিনিৰ মূল্য প্ৰায় 70,000 টকা ৷

পাছত দোকানৰ গৰাকীয়ে চুৰি হোৱা বুলি জানিব পাৰে আৰু কাষতে থকা আন এখন দোকানৰ চি চি টিভিত এই কাণ্ড প্ৰত্যক্ষ কৰি চোৰ চিনাক্ত কৰে ৷ লগে লগে বাবৰ আলী নামৰ চোৰটোক মাতি আনি জেৰা কৰাত চুৰিৰ কথা স্বীকাৰ কৰে আৰু ভৱিষ্যতে এনে কাৰ্য নকৰো বুলি ৰাইজৰ আগত ক্ষমা বিছাৰে ৷ পৰৱৰ্তী সময়ত উত্তম-মধ্যম দি কলগাছিয়া আৰক্ষীক চমজাই দিয়ে চোৰটোক ৷ কিন্ত বাতৰি লিখাৰ পৰলৈকে চুৰি হোৱা সোণ সম্পূৰ্ণৰূপে জুৱেলাৰ্চৰ স্বত্বাধিকাৰীজনে ঘূৰাই পোৱা নাই বুলি অভিযোগ কৰিছে (Thief Arrested by Kalgachia Police) ৷

উল্লেখযোগ্য যে, বাবৰ আলী নামৰ চোৰটোৱে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্য চলাই আহিছিল আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো চুৰি কৰি ধৰা পৰিছিল (Public caught thief in Kalgachia) ৷ ইতিমধ্যে ভুক্তভোগীয়ে উপযুক্ত শাস্তিৰ দাবী কৰিছে চোৰটোৰ (Theft arrested by Kalgachia Police) ৷

লগতে পঢ়ক:Apprehended on bribery charges: দুৰ্নীতি নিবাৰক শাখাৰ জালত চাৰি ঘোচখোৰ চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.