জনীয়া, 27 মে’ : কলগাছিয়াৰ বলাইপাথাৰত জাহিদুল ইছলাম নামৰ এজন ব্যক্তিৰ পাকঘৰৰ খিৰিকি ভাঙি ৰন্ধন গেছৰ চিলিণ্ডাৰ চোৰ কৰি স্থানীয় লোকৰ হাতত আটক হয় এটা চোৰ ৷ উল্লেখযোগ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি ৰাইজৰ ঘৰত সিন্ধি খান্দি টকা পইচা, মোবাইল, মটৰ, শ্বেল মেচিন, বাচন বৰ্তনকে ধৰি গৰু-ছাগলী, হাঁহ-কুকুৰা, কণী আদি চোৰ কৰি ৰাইজক চোৰে জ্বলা-কলা খোৱাই আহিছিল ৷
বৃহস্পতিবাৰে স্থানীয় লোকে বাবলু নামৰ চোৰটোক আটক কৰি উপৰ্যুপৰি লপা-থপা দিয়ে ৷ ইয়াৰ পূৰ্বেও চুৰিৰ গোচৰত জেলৰ ভাত খাবলগীয়া হৈছিল বাবলু চোৰে । পাচত কলগাছিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায় ।
লগতে পঢ়ক : নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য