জনিয়া, 6 জুলাই : বৰপেটা জিলাত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ স্মাৰ্ট আৰক্ষীকো ভেঙুচালি চোৰৰ উপদ্ৰৱত কটাব লগা হৈছে ৰাইজে বিনিদ্ৰ ৰজনী ৷ এইবাৰ মঙলবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনীয়ালগুৰি গাঁৱত একে নিশাই দুটাকৈ চুৰিকাণ্ড সংঘটিত হয় ৷ দুয়োটা ঘটনাটেই সিন্ধি খান্দি চুৰিকাণ্ড সংঘটিত কৰে চোৰে ৷
যোৱা নিশা কলগাছিয়াৰ গুনীয়ালগুৰি গাঁৱৰ ছবুৰ উদ্দিনৰ ঘৰত নিশা প্ৰায় ১২ ৰ পৰা ১ বজাৰ ভিতৰত সিন্ধি খান্দি চোৰে লুটিলে নগদ ধন ৩০ হাজাৰ আৰু সোন-ৰূপৰ আ-অলংকাৰ। নিশাৰ এন্ধাৰৰ সুযোগ লৈ এই চুৰিকাণ্ড হৈছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে। সিন্ধি খান্দি চোৰে ঘৰত ভিতৰত প্ৰৱেশ কৰি ট্ৰাংক এটা পথাৰলৈ ওলিয়াই লৈ যায় ৷ তাতে তলা ভাঙি নগদ ধন আৰু সোণ-ৰূপসহ প্ৰায় ৭০ৰ পৰা ৮০ হাজাৰ টকাৰ সামগ্ৰী চুৰি কৰি লৈ যায়।
আনফালে একে গাঁৱৰে আব্দুৰ ৰেজ্জাকৰ দোকানত মঙলবাৰে নিশাৰ ভাগত চোৰে সিন্ধি খান্দি চুৰিকাণ্ড সংঘটিত কৰে। গুনীয়ালগুৰি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ দোকানৰ পিচফালে চোৰে মাজনিশা সিন্ধি খান্দি দোকানৰ পৰা পাঁচ হাজাৰ নগদ টকা আৰু প্ৰায় ১৫ হাজাৰ টকাৰ দোকানৰ সামগ্ৰী চুৰি কৰি লৈ যায়। ইয়াৰ পিচতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ভুক্তভোগীয়ে চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । পুলিচ প্ৰশাসনৰ পেট্ৰলিঙৰ অভাৱত এনেদৰে ঘনে প্ৰতি চুৰিকাণ্ড হৈ আহিছে বুলি সচেতন মহলৰ মাজত চৰ্চা হৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷
লগতে পঢ়ক: Hojai Eviction Drive: হোজাই চহৰত চলিল পৌৰসভাৰ উচ্ছেদ অভিযান