ETV Bharat / state

ক’ৰণাই অমানিশা নমাই আনিছে বৰপেটাৰ মৃৎ শিল্পীসকললৈ

author img

By

Published : Sep 14, 2020, 7:40 PM IST

উকা হৈ ৰৈছে শিল্পীৰ ৰঙৰ তুলিকা ৷ মহাপুৰুষ মাধৱদেৱৰ দিনৰ পৰাই সুন্দৰীদিয়া দক্ষিণহাটীৰ বাসিন্দাসকলে মাটিৰ বাচন-বৰ্তন প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰি আহিছে যদিও এতিয়া সংকটত মৃৎশিল্পী ৷

ক’ৰণাই অমানিশা নমাই আনিছে মৃৎ শিল্পীসকলৰ জীৱনলৈ

বৰপেটা,১৪ ছেপ্টেম্বৰ : শৰততেই প্ৰাণ পাই উঠে মৃৎ শিল্প ৷ কিন্তু সম্পত্তি মৃৎ শিল্পীলৈ নামি আহিছে অমানিশা ৷ বিগত সময়ছোৱাত শাৰদীয় এই বতৰত মৃৎশিল্পীসকল সম্পূৰ্ণ ব্যস্ত হৈ পৰে পূজাৰ মূৰ্তি তথা যাৱতীয় সামগ্ৰী প্ৰস্তুত কৰা কামত ৷ কিন্তু এইবাৰ শাৰদীয় সময়বোৰ পূৰ্বতকৈ ব্যতিক্ৰমী হৈ পৰিছে ৷ বিগত কেইবামাহ ধৰি দেশত ক’ৰণাই যি ত্ৰাসৰ সৃষ্টি কৰিছে সেই ত্ৰাসৰ বাবেই এতিয়া স্তব্ধ হৈ পৰিছে সমগ্ৰ প্ৰস্তুতি ৷

ক’ৰণাই অমানিশা নমাই আনিছে বৰপেটাৰ মৃৎ শিল্পীসকললৈ

উকা হৈ ৰৈছে শিল্পীৰ ৰঙৰ তুলিকা ৷ মহাপুৰুষ মাধৱদেৱৰ দিনৰ পৰাই সুন্দৰীদিয়া দক্ষিণহাটীৰ বাসিন্দাসকলে মাটিৰ বাচন-বৰ্তন প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ কিন্তু বৰ্তমান ৰাজ্যৰ পৰিস্থিতিয়ে বিপাঙত পেলাইছে মৃৎ শিল্পীসকলক ৷ ক’ৰণা মহামাৰীৰ বাবেই বিহু,বিয়া-সবাহ,ধৰ্মীয় কাম-কাজ,উৎসৱ-পাৰ্বণ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাত মাটিৰ সাজ বিক্ৰী কৰি পুৰুষাণুক্ৰমে জীৱন জীৱিকা চলাই অহা এই শিল্পীসকলৰ জীৱনলৈ' নামি আহিছে ভয়াৱহ দুৰ্যোগ ৷

উল্লেখ্য যে, পূৰ্বে সত্ৰত অনুষ্ঠিত তিথি,উৎসৱ-পাৰ্বণ সমুহত মাটিৰ চাকি বা আন বাচন বৰ্তন বিক্ৰী কৰি কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও এতিয়া ক্ৰমান্বয়ে উপাৰ্জন কমি আহিছে এইসকল মৃৎশিল্পীৰ ৷ কাৰণ মাটিৰ বাচন নিৰ্মাণ কৰিবলৈ গুৱাহাটীৰ দীপৰবিলৰ পৰা হীৰামাটিৰ ক্ৰয় কৰিব লাগে ৷ তাৰ বাবে যিহেতু বহু টকাৰ প্ৰয়োজন সেয়ে মৃৎশিল্পীসকলে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হীৰামাটিৰ সমস্যা সমাধানৰ বাবে এবছৰ পূৰ্বেই প্ৰদান কৰিছিল স্মাৰকপত্ৰ ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ বাবে এতিয়া হতাশাত ভুগিছে মৃৎ শিল্পীসকল ৷

লগতে পঢ়ক : COVID 19 প্ৰভাৱ ! মুক্তিৰ তাৰিখ স্থগিত ৰখা বলীউডৰ ছবিসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.