ETV Bharat / state

কলগাছিয়াৰ বামুনটাৰী এছাৰ পেট্ৰ'ল পাম্পত উত্তেজনা

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হৈ থকাৰ মাজতে পেট্ৰ'ল পাম্পে লুণ্ঠন চলোৱাৰ অভিযোগ । জোখত কৈ কম পৰিমাণে তেল দিয়াৰ অভিযোগ গ্ৰাহকৰ । পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ দাবী স্থানীয় লোকৰ ।

author img

By

Published : Nov 2, 2021, 1:12 PM IST

essar
কলগাছিয়াৰ বামুনটাৰী এছাৰ পেট্ৰ'ল পাম্পত উত্তেজনা

জনীয়া,২ নৱেম্বৰ : দেশত যোৱা এসপ্তাহ ধৰি ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে । যাৰ বাবে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাধাৰণ জনতাই একপ্ৰকাৰ হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

১০০ টকাৰ ওপৰত প্ৰতি লিটাৰ পেট্ৰ'ল ক্ৰয় কৰিবলগীয়া হোৱাত যথেষ্ট পৰিমাণে আৰ্থিক সমস্যাই দেখা দিছে বহুতৰ বাবে । কিন্তু তেনে এক সময়তে বৰপেটাৰ এটা পেট্ৰ'ল পাম্পত চলিছে লুণ্ঠন । জিলাখনৰ কলগাছিয়াৰ বামুনটাৰী এছাৰ পেট্ৰ'ল পাম্পটোৱে সাধাৰণ জনতাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে, অভয়াপুৰীৰ পৰা আমিনগাঁও সংযোগী ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ কাষতে আছে এই এছাৰ পেট্ৰ'ল পাম্প । অভিযোগ অনুসৰি ধনৰ পৰিৱৰ্তে গ্ৰাহকক কম পৰিমাণৰ তেল দিয়া হয় পেট্ৰ'ল পাম্পটোত ।

এজন গ্ৰাহকে প্ৰথম অৱস্থাত ৯০০ টকাৰ পেট্ৰ'ল ক্ৰয় কৰিছিল আৰু পাছত গ্ৰাহকজনৰ মনত সন্দেহ ওপজাত পুনৰ বটল এটাত আধা লিটাৰ পেট্ৰ'ল ক্ৰয় কৰে গ্ৰাহকজনে । তেতিয়াই এই ঘটনা পোহৰলৈ আহে । কিয়নো আধা লিটাৰ পেট্ৰ'লৰ ধন ঠিকে ল'লে পাম্প কৰ্তৃপক্ষই তাৰ পৰিৱৰ্তে সেই পৰিমাণৰ তেল নাপালে গ্ৰাহকজনে । ইয়াৰ পাছতে সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাম্পটোত । যি সময়ত প্ৰতিদিনে বৰ্ধিত পেট্ৰ'লৰ মূল্যই সাধাৰণ জনতাক সমস্যাত পেলাইছে তেনে সময়ত পেট্ৰ'ল পাম্প কৰ্তৃপক্ষৰ এনে কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে । অৱশ্যে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰে পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই ।

কিন্তু কোন সঁচা, কোন মিছা ? এতিয়াও সন্দেহৰ আৱৰ্তত সমগ্ৰ ঘটনা । সম্প্ৰতি সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : নুনমাটি আৰক্ষীৰ পদূলিৰ পৰা দুৰ্বৃত্তই লুটি নিলে SBI গ্ৰাহকৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.