বৰপেটা, 9 জুন: বৰপেটাৰ হাউলীৰ সমীপৰ কদমগুৰি গাঁৱত নৱ বিবাহিতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্য ৷ বিয়াৰ চাৰিদিন পিচতে ৰহস্যজনকভাৱে মৃত্যু মুখত পৰিল এগৰাকী নৱ বিবাহিতা ৷ মৃত নৱ বিবাহিতা গৰাকী ছানিয়াৰা পাৰবিন (18) ৷ উল্লেখ্য যে, বৰপেটাৰ সৰুক্ষেত্ৰীৰ বৰবালা গাঁৱৰ চিকন্দৰ আলিৰ কণ্যা ছানিয়াৰা পাৰবিনৰ যোৱা শুকুৰবাৰে হাউলী কদমগুৰি চ'কৰ দিলদাৰ হুছেইনৰ সৈতে বিবাহ অনুষ্ঠিত হৈছিল ৷ পিছে বিৱাহৰ চাৰিদিন পিচতে সোমবাৰে নিশা 3 বজাত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰে নৱ বিবাহিতা ছানিয়াৰা ৷ অৱশ্যে মঙলবাৰেত পুৱাহে ছানিয়াৰাৰ মৃত্যুৰ খবৰ পায় পিতৃ পৰিয়ালৰ লোকে ৷ নৱ বিবাহিতা গৰাকীৰ স্বামী পৰিয়ালে জনোৱামতে, উচ্চ ৰক্তচাপত ভূগি মৃত্যু হৈছে ছানিয়াৰাৰ ৷ ইপিনে মৃতদেহৰ নাক-মুখ, হাত, বিচনা চাদৰ আদিত লাগি থকা তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি নৱ বিবাহিতাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷
ইতিমধ্যে হত্যাৰ সন্দেহত মৃত ছানিয়াৰাৰ স্বামী দিলদাৰ হুছেইনৰ লগতে দিলদাৰৰ দুই ভাতৃ আৰু মাতৃৰ বিৰুদ্ধে হাউলী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ অবশ্যে স্বামী পৰিয়ালৰ দাবী নিশা উচ্চ ৰক্তচাপত ভূগি মৃত্যুমুখত পৰিছে নৱবিবাহিতা ছানিয়াৰা ৷ ইতিমধ্যে হাউলী থানাৰ আৰক্ষী উপস্থিতহৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত দিলদাৰ হুছেইন আৰু এজন ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
আনহাতে তেওলোকৰ পিতৃকো সোধপেচৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ পৰিয়ালে জনোৱামতে, মৃত ছানিয়াৰা পাৰবীন দিলদাৰ হুছেইনৰ মাহীয়েকৰ ছোৱালী ৷ সামাজিক ৰীতিমতেই বিয়া হৈছিল ছানিয়াৰা-দিলদাৰৰ ৷ নৱ বিবাহিতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ এতিয়া বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷
লগতে পঢ়কঃ লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ মনৰ কথাৰে....