ETV Bharat / state

journalist attacked in Kalgachia: ভুৱা পৰীক্ষাৰ্থী ধৰা পেলোৱাৰ বাবেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য শিক্ষক-কৰ্মচাৰীৰ

author img

By

Published : Nov 2, 2022, 10:33 AM IST

কলগাছিয়াত শিক্ষক-কৰ্মচাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল সংবাদকৰ্মী ৷ এখন বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ তথ্য পোহৰলৈ অনাৰ বাবেই আক্ৰমণৰ লক্ষ্য কৰা হ’ল সংবাদ কৰ্মীক (Fake Examinee at Kalgachia)৷

Fake Examinee at Kalgachia
ভুৱা পৰীক্ষাৰ্থী ধৰা পেলোৱাৰ বাবেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য শিক্ষক-কৰ্মচাৰীৰ

জনীয়া, 2 নৱেম্বৰ : কলগাছিয়াত নকল পৰীক্ষাৰ্থীক সুৰক্ষা প্ৰদান খোদ শিক্ষক-কৰ্মচাৰীৰ ৷ নকল পৰীক্ষাৰ্থীৰ বাতৰি যুগুত কৰিবলৈ যোৱা সাংবাদিকক শাৰীৰিক আক্ৰমণৰ লক্ষ্য আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ (Al Ameen Kalu DM school Kalgachia)৷

উল্লেখযোগ্য যে, কলগাছিয়াৰ চৰিয়তপুৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মঙলবাৰে অনুষ্ঠিত হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ অসম ৰাজ্যিক মুকলি বিদ্যালয়ৰ পৰীক্ষা । উক্ত পৰীক্ষা কেন্দ্ৰটোত ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি থকা বুলি গোপন সূত্ৰৰ পৰা জানিব পাৰি সাংবাদিকৰ এটা দল উপস্থিত হয় বিদ্যালয়খনত ।

এই বিষয় সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষৰ পৰা বিতংকৈ জানিবলৈ চেষ্টা কৰাৰ সময়তে অধ্যক্ষই সাংবাদিকৰ দলটোক পৰীক্ষা হলৰ প্ৰৱেশ দ্বাৰৰ ওচৰত ৰখাই ভুৱা পৰীক্ষাৰ্থীক পলাই যোৱাত সহায় কৰে ৷ ফলত পৰীক্ষা হলৰ খিড়িকীয়েদি ভুৱা পৰীক্ষাৰ্থীয়ে পলায়ন কৰে আৰু এই দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হয় ।

কিন্তু ভিডিঅ’ প্ৰস্তুত কৰাৰ সময়তে সাংবাদিকক কুঠাৰেৰে আক্ৰমণ কৰিবলৈ খেদি আহে কাৰ্যালয় সহায়ক হবিবৰ ৰহমান, শিক্ষক জিয়াৰুল হক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্বামেছ উদ্দিন আৰু আন শিক্ষকসকল (Attempt to attack journalist at Kalgachia)। কিন্তু সাংবাদিকসকল তাৰ পৰা দৌৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে ।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত বলিকুৰি আৰক্ষী পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হয় ৷ আৰক্ষী উপস্থিত হোৱাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই পুনৰ বাকী থকা নকল পৰীক্ষাৰ্থীসকলক বিদ্যালয়ৰ পিছফালেৰে আঁতৰাই পঠিয়ায় যদিও সাংবাদিকৰ তৎপৰতাত এজন ভুৱা পৰীক্ষাৰ্থীক কৰায়ত্ব কৰি গতাই দিয়া হয় কলগাছিয়া আৰক্ষীক ।

আনহাতে উক্ত ঘটনাক গাপ দিয়াৰ বাবে চেষ্টা কৰে বিদ্যালয়খনৰ অধ্যক্ষ মহম্মদ ছাহজাহান আলী আৰু এজন শিক্ষকে । ইফালে আটকাধীন ভুৱা পৰীক্ষাৰ্থীগৰাকীয়ে বেলেগ এগৰাকী পৰীক্ষাৰ্থীৰ পৰিৱৰ্তে পৰীক্ষাত বহাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ সন্মুখত (Fake Examinee at Kalgachia)৷

ইয়াৰ পাছতে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী(Kalgachia Police Station) উপস্থিত হৈ আটকাধীন পৰীক্ষাৰ্থীজনক থানালৈ লৈ যোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ, শিক্ষক আৰু কাৰ্যালয় সহায়কৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : Livestock recovered in Bokakhat: বোকাখাতত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.