বৰপেটা,3 ফেব্ৰুৱাৰী: বুধবাৰে বৰপেটাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত স্বয়ম আঁচনি মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ নৱৰূপত স্বয়ম আঁচনিৰ জৰিয়তে বৰপেটা জিলাত ৬ হাজাৰ ৭৪ গৰাকী হিতাধিকাৰীয়ে সুফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ আগন্তুক দিনত উদ্যোগ আৰু বাণিজ্যৰ জৰিয়তে অসমক পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ চেষ্টা কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যত অতিশীঘ্ৰে 27 খন নতুন আটিআই গঠন কৰাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে, নৱৰূপত স্বয়ম আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে বিজেপিক সাগৰ তলীৰ ঢৌ বুলি অভিহিত কৰে ৷ বিজেপিৰ সু-শাসনৰ বাবেই পুনৰবাৰ ৰাজ্যত বিজেপি মিত্ৰজোটৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা অপবিত্ৰ মিত্ৰতা বুলি উজনি অসমৰ ৰাইজে আখ্যা দিছে যাৰ বাবে উজনি অসমত কংগ্ৰেছ শূণ্য হ’ব বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ আনহাতে, মাৰ্চ মাহৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ সতে আলোচনা কৰি আসন বুজাবুজি চুড়়ান্ত কৰাৰ কথাও জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক-6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ