ETV Bharat / state

বৰপেটাৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Mar 17, 2022, 1:53 PM IST

সুখৰ সংসাৰ গঢ়াৰ সপোন আছিল বাছিৰণৰ ৷ কিন্তু দাতাই দিলেও, বিধাতাই নিদিয়ে ৷ বাছিৰণৰ ক্ষেত্ৰতো যেন সেয়াই হ’ল ৷ আচলতে বাছিৰণ কোন, কি হ’ল বাছিৰণৰ ক্ষেত্ৰত সেয়া জানিবলৈ চাওক এই প্ৰতিবেদন ৷

suspected-death-of-an-women-in-barpeta-road
বৰপেটাৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

বৰপেটাৰোড, 17 মাৰ্চ : দুগ্ধনগৰী খ্যাত সৰভোগৰ জামাদাৰবড়ীৰ জীয়ৰী আছিল বাছিৰণ নেছা নামৰ মহিলাগৰাকী ৷ উপযুক্ত সময়ত উপযুক্ত পাত্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বাছিৰণ নেছা ৷ পিছে বিবাহৰ পিছতহে লাগিল কেণা ৷ অভিযোগ মতে, দোমনীৰ লালচান্দ মিঞা নামৰ ব্যক্তিগৰাকীয়ে বিবাহৰ পিছৰে পৰা পত্নীক মাজে-সময়ে চলাই আহিছিল নিৰ্যাতন ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিবাহৰ পিছত এবাৰ বাছিৰণে স্বামীয়ে চলোৱা নিৰ্যাতন সহিব নোৱাৰি বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল (woman attemt to suicide in Barpetaroad) ৷ তাৰপিছৰে পৰা কিন্তু স্বামী-স্ত্ৰীৰ মাজত কোনো ধৰণৰ কাজিয়া সংঘটিত নোহোৱা বুলি দাবী কৰে মহিলাগৰাকীৰ স্বামীয়ে ৷

পৰৱৰ্তী সময়ত, অৰ্থাৎ বুধবাৰে আকস্মিক মৃত্যুক সাৱটি লয় বাছিৰণ নেছা নামৰ মহিলাগৰাকীয়ে ৷ বুধবাৰে মহিলাগৰাকীৰ স্বামী পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰাইছিল বৰপেটাৰোডৰ এখন চিকিৎসালয়ত ৷ চিকিৎসকে মহিলাগৰাকীক পৰীক্ষা কৰি আদবাটতে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ তাৰপিছতে মহিলাগৰাকীৰ মৃতদেহটো স্বামী পৰিয়ালৰ লোকে ঘৰলৈ উভতাই নিব বিচৰাত বাধা প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

বৰপেটাৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

ইয়াৰ বিপৰীতে যিহেতু মহিলাগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে মৃত্যুক সাৱটি লৈছিল, তেনেক্ষেত্ৰত এই মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক সেয়া জানিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা উচিত বুলি চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰে ৷ তদুপৰি মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত চিকিৎসালয়ৰ সন্দেহ ওপজাত খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰা মাত্ৰকে দণ্ডাধীশ পাৰ্থপ্ৰতিম খনিকৰৰ সৈতে বৰপেটাৰোড আৰক্ষীৰ এটা দল উপস্থিত হয় উক্ত চিকিৎসালয়ত ৷ আৰক্ষীয়ে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ইফালে জীয়ৰীৰ আকস্মিক মৃত্যুক সহজভাৱে ল’ব নোৱাৰি বাছিৰণৰ পিতৃ পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ৷ মৃত বাছিৰণৰ পিতৃয়ে তেওঁৰ জীয়ৰীক স্বামী আৰু শাহুৱেকে মিলি হত্যা কৰা বুলি দাবী কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলেহে স্পষ্ট কৰিব মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ৷

লগতে চাওক: বালিকুৰিত নগদ ধনৰ বাবদ ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.