ETV Bharat / state

চেঙাত পাঁচটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলী আহমেদৰ

author img

By

Published : Feb 16, 2021, 10:35 PM IST

আইইউডিএফ দলৰ সতে মিত্ৰতা হ'লেও চেঙা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি কোৱাৰ লগতে ২০২১ চনৰ নিৰ্বাচনত তেৱেই বিধায়ক হ'ব বুলি সংবাদ মাধ্যমৰ ওচৰত দাবী কৰে বিধায়ক শুকুৰ আলী আহমেদে ।

as_bar_sukur-ali-put-foundation-stone-at-chenga_img_as10038
চেঙাত পাঁচটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলী আহমেদৰ

বৰপেটা, 16 ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ অধীনত মঙলবাৰে প্ৰাক্তন মন্ত্ৰী তথা চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদে পাঁচটাকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে । পথ পকীকৰণ, মছজিদৰ ওজুখানা নিৰ্মাণ, সংঘৰ গৃহ নিৰ্মাণকে ধৰি পাঁচটা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ।

বিধায়ক পুঁজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে 6 টা জনকল্যাণ যুৱ সংঘৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এখন বিশেষ সভাও অনুষ্ঠিত হয় । সংঘটোৰ সভাপতি মেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সভাখনত বিধায়ক শুকুৰ আলী আহমেদে তেখেতৰ কাৰ্যকালত চেঙা সমষ্টিত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে ।

এআইইউডিএফ দলৰ সতে মিত্ৰতা হ'লেও চেঙা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি কোৱাৰ লগতে ২০২১ চনৰ নিৰ্বাচনত শুকুৰ আলী আহমেদেই বিধায়ক হ'ব বুলি সংবাদ মাধ্যমৰ ওচৰত দাবী কৰে বিধায়কগৰাকীয়ে ।

নিৰ্বাচনৰ সময়ত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকে বুলি উল্লেখ কৰাৰ লগতে সেই প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । চেঙা ব্লক কংগ্ৰেছৰ সভাপতি লাল মামুদ আলী আহমেদ, ৰৌমাৰী পাথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আছান আলীকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক এই বিশেষ সভাখনত উপস্থিত থাকে ।

লগতে পঢ়ক-খাৰুপেটীয়াত ভুমি বিবাদক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.