ETV Bharat / state

মাছ হিষ্টেৰীয়াত আক্ৰান্ত বৰপেটাৰ দুখনকৈ বিদ্যালয়ৰ শিক্ষাৰ্থী - mass hysteria

বৰপেটাৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি(Tense situation in Barpeta)ৰ সৃষ্টি ৷ পাঠদান অব্যাহত থকাৰ সময়তে বহু ছাত্ৰ-ছাত্ৰী অচেতন হৈ পৰাৰ লগতে আন একাংশই ভোগে জ্বৰ, গাৰ বিষ আদিত ৷ ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ভৰ্তি কৰিছে বহৰি স্বাস্থ্যকেন্দ্ৰত ৷ অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক লৈ সম্প্ৰতি চিন্তাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷

students-of-two-schools-in-barpeta-suffering-from-mass-hysteria
বৰপেটাৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি
author img

By

Published : May 14, 2022, 2:13 PM IST

বৰপেটা, 14 মে’ : বৰপেটাৰ বহৰি হাইস্কুল আৰু বহৰি ছোৱালী হাইস্কুলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি(Tense situation in Barpeta) ৷ অইন দিনাৰ দৰে বিদ্যালয় দুখনত শনিবাৰেও পাঠদান অব্যাহত থকাৰ সময়তে বহু ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷

প্ৰায় কুৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অৱস্থা এনে হোৱাত স্বাভাৱিকতে বিদ্যালয় দুখনত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে অচেতন হৈ পৰাৰ সময়তে আন একাংশই ভূগিছে জ্বৰ, গাৰ বিষত ৷ ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ভৰ্তি কৰিছে বহৰি স্বাস্থ্যকেন্দ্ৰত ৷

বৰপেটাৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি

ইফালে চিকিৎসকে সদৰি কৰা অনুসৰি, এয়া মাছ হিষ্টেৰীয়া নামৰ মানসিক ৰোগবিধ(Students in Barpeta suffering from mass hysteria)ৰ লক্ষণ ৷ তদুপৰি বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ সময়ত খাদ্য গ্ৰহণ নকৰাৰ ফলতো দুৰ্বল হৈ পৰা বুলি চিকিৎসকে প্ৰকাশ কৰে ৷ যাৰ বাবে তেওঁলোকে এনেদৰে হঠাতে অচেতন হৈ পৰে ৷

অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক লৈ সম্প্ৰতি চিন্তাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলৰ এনে অৱস্থাৰ পিছতে বিদ্যালয় দুখন ছুটী দিয়া হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

লগতে চাওক: Flood in assam 2022 : বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী-বৰপানীৰ জলপৃষ্ঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.