ETV Bharat / state

Sukanya Samriddhi Yojana: বৰপেটাত সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট মুকলি অভিযান

বৰপেটাত প্ৰধানমন্ত্ৰীৰ সপোনৰ সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট মুকলি অভিযান আৰম্ভ (SSY scheme) ৷ ১০ বছৰ বয়সৰ প্ৰতিগৰাকী শিশু-কিশোৰীক সুকন্যা সমৃদ্ধি যোজনাৰ আওঁতালৈ অনাৰ অংগীকাৰ ৷

author img

By

Published : May 11, 2023, 8:06 PM IST

Sukanya Samriddhi Yojana in Assam
সুকন্যা সমৃদ্ধি যোজনা
সুকন্যা সমৃদ্ধি যোজনা

বৰপেটা, ১১ মে': দেশৰ কণ কণ শিশু, কিশোৰীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱন সুন্দৰ হোৱাৰ পৰিকল্পনাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ মৰ্মে ভাৰতীয় ডাক বিভাগে আৰম্ভ কৰিছিল 'সুকন্যা সমৃদ্ধি যোজনা' (Sukanya Samriddhi Yojana in Assam) ৷ বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা সুকন্যা সমৃদ্ধি যোজনাৰ জৰিয়তে ৰাজ্যৰ ১০ বছৰ বয়সৰ প্ৰতিগৰাকী ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে সমগ্ৰ শিক্ষা অভিযান মিছনে (Beti Bachao, Beti Padhao Mission) ৷

বৃহস্পতিবাৰে বৰপেটাত সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই অভিযানৰ শুভাৰম্ভ কৰা হয় । বৰপেটাৰ উপায়ুক্ত আয়ুস গৰ্গৰ উপস্থিতিত তিনিগৰাকী ছাত্ৰীৰ একাউন্ট মুকলিৰে এই অভিযানৰ শুভাৰম্ভ কৰা হয় (Barpeta DC) ৷ সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট মুকলি অনুষ্ঠানত অংশ লৈ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই সুকন্যা সমৃদ্ধি যোজনাৰ সুফল সম্পৰ্কে ব্যাখ্যা কৰে (Sukanya Samriddhi Yojana start in Barpeta) ৷

উক্ত একাউন্টত একোগৰাকী ছাত্ৰীয়ে প্ৰতিবছৰে আঢ়ৈশ টকাৰ পৰা ডেৰ লাখলৈকে ধন জমা কৰিব পাৰিব বুলি কয় অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই । লগতে অধিক সূত লাভ কৰে বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে (Sukanya Samriddhi Yojana account open) ৷

সম্প্ৰতি ডাক বিভাগৰ লগতে বেংক সমূহতো সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট খুলিব পাৰে আৰু এই যোজনাৰ জৰিয়তে বিশেষকৈ দেশৰ দুখীয়া ছাত্ৰীসকল ভৱিষ্যত শৈক্ষিক ক্ষেত্ৰত অধিক উপকৃত হ'ব বুলিও মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই (Sukanya Samriddhi Yojana in Postal) ৷

সমগ্ৰ শিক্ষা মিছনৰ উদ্যোগত চৰ-চাপৰিকে ধৰি জিলাখনৰ সকলো অঞ্চলৰ প্ৰতিগৰাকী ছাত্ৰীক এই যোজনাৰ অধীনত সামৰি লোৱাৰ অভিযান চলি থাকিব বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে (Samagra Shiksha Mission) ৷ তেওঁ সকলোকে এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Assam CM security news : ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত তিনি এছ পিৰ বদলিৰ নিৰ্দেশ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.