ETV Bharat / state

ৰাজস্থানত নাৰী দেহ কবলৰ পৰা উদ্ধাৰ বৰপেটাৰ সৰভোগৰ যুৱতী - সৰভোগৰ ৰাজস্থানৰ নাৰী দেহব্যৱসায়ীৰ কৱলৰ পৰা উদ্ধাৰ

কেইবামাহ ধৰি নিৰুদ্দেশ হৈ থকা সৰভোগৰ এগৰাকী যুৱতীক ৰাজস্থানৰ নাৰী দেহ ব্যৱসায়ীৰ কৱলৰ পৰা উদ্ধাৰ কৰে সৰভোগ আৰক্ষীয়ে

ৰাজস্থানত নাৰী দেহ কবলৰ পৰা উদ্ধাৰ বৰপেটাৰ সৰভোগৰ যুৱতী
author img

By

Published : Oct 28, 2019, 11:39 PM IST

বৰপেটা, 28 অক্টোবৰ: ৰাজস্থানত উদ্ধাৰ হ'ল বৰপেটাৰ নিৰুদিষ্ট যুৱতী ৷ সোমবাৰে কেইবামাহ ধৰি নিৰুদ্দেশ হৈ থকা সৰভোগৰ এগৰাকী যুৱতীক ৰাজস্থানৰ নাৰী দেহ ব্যৱসায়ীৰ কৱলৰ পৰা উদ্ধাৰ কৰে সৰভোগ আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সৰ্থেবাৰীৰ এজনে যুৱকে সৰভোগৰ যুৱতীগৰাকীক কেইবামাহ পূৰ্বে প্ৰেমৰ ছলনাৰে ফুচুলাই নি দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰিছিল ৷

ৰাজস্থানত নাৰী দেহ কবলৰ পৰা উদ্ধাৰ বৰপেটাৰ সৰভোগৰ যুৱতী

ঘটনাৰ বিৱৰণী মতে, নিজকে হাউলীৰ কালঝাৰৰ গকুল চক্ৰৱৰ্তী বুলি পৰিচয় দিয়া সৰ্থেবাৰীৰ ৰঙিয়া-নদীৰপাম গাঁৱৰ ছাইফুল আলি নামৰ নাৰী সৰবৰাহকাৰীয়ে সৰভোগৰ এগৰাকী যুৱতীক বিগত জানুৱাৰী মাহত প্ৰেমৰ ছলনা কৰি বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি পলুৱাই লৈ গৈছিল ৷ বঙাইগাঁৱৰ পৰা ৰে'লযোগে যুৱতী গৰাকীক দিল্লীলৈ নি দিল্লীত পোন্ধৰ দিন ৰাখি পৰৱৰ্তী সময়ত ৰাজস্থানত বিক্ৰী কৰি দিছিল ছাইফুল আলীয়ে ৷ সৰভোগ আৰক্ষীয়ে তদন্ত কৰি যুৱতীগৰাকীক পলুৱাই নিয়া ছাইফুল আলীক বিগত চাৰি মাহ পূৰ্বে সৰ্থেবাৰীৰ ৰঙিয়া-নদীৰপাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি বৰপেটা জেললৈ প্ৰেৰণ কৰিছিল ৷ ছাইফুল আলী নামৰ নাৰীসৰবৰহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসৰ নেতৃত্বত অভিযান চলাই সুদূৰ ৰাজস্থানৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

Intro:বৰপেটা 28 অক্টোবৰ : মুছলমান যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি সৰভোগৰ এগৰাকী যুৱতীক প্ৰেমৰ ছলনাৰে ফুচুলাই নি নাৰী দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰা ঘটনাই সৰভোগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷Body:বিগত কেবা মাহ পাছত উক্ত যুৱতী গৰাকীক নাৰী দেহ কবলৰ পৰা সৰভোগ আৰক্ষীয়ে সুদুৰ ৰাজস্থানৰ পৰা যুৱতী গৰাকীক সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
নিজকে হাউলীৰ কালঝাৰৰ গকুল চক্ৰৱৰ্তী বুলি পৰিচয় দি সৰ্থেবাৰীৰ ৰঙিয়া-নদীৰপাম গাৱৰ ছাইফুল ক্বাজী নামৰ নাৰী দেহ ব্যৱসায়ীয়ে সৰভোগৰ নুনতোলাৰ নাথ উপাদিৰ এগৰাকী যুৱতীক বিগত জানুৱাৰী মাহত প্ৰেমৰ ছলনা কৰি মন্দিৰত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি পলুৱাই লৈ গৈছিল ৷ বঙাইগাঁওৰ পৰা ৰেলযোগে যুৱতী গৰাকীক দিল্লীলৈ নি দিল্লীত পোন্ধৰ দিন ৰাখি পৰৱৰ্তী সময়ত ৰাজস্থানত বিক্ৰী কৰি দিছিল ৷
যুৱতী গৰাকীৰ পৰিয়ালে প্ৰথমতে যুৱতী গৰাকী নিৰুদ্দেশ হোৱা সম্পৰ্কত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত যুৱতী গৰাকীক নাৰী দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰা বুলি নিশ্চিত হৈ সৰভোগ আৰক্ষীক অৱগত কৰায় ৷ সৰভোগ আৰক্ষীয়ে তদন্ত কৰি হিন্দু নামেৰে পৰিচয় দি যুৱতী গৰাকীক পলুৱাই নিয়া ছাইফুল ক্বাজীক বিগত চাৰি মাহ পূৰ্বে সৰ্থেবাৰীৰ ৰঙিয়া-নদীৰপাম গাৱৰ পৰা গ্ৰেপ্তাৰ কৰি বৰপেটা জেললৈ নিক্ষেপ কৰিছে ৷ নাৰী দেহ ব্যৱসায়ী ছাইফুল ক্বাজীৰ স্বীকাৰোক্তিৰ ভিত্তিত
সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসৰ তৎপৰতাত সুদুৰ ৰাজস্থানৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰি সৰভোগলৈ লৈ আহে ৷
বাইট : সঞ্জীৱ কুমাৰ দাস আৰক্ষী বিষয়া Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.